কবিতা/১০৫ স্মৃতিৰ অৱশেষ বিচাৰি

স্মৃতিৰ অৱশেষ বিচাৰি /নিশা গভীৰ হ’লেই/ বুকুৰ নৈত দুখে নাও মেলে উটিবুৰি গৈ মই অতীতৰ মোহনাত ৰওঁ/য’ত ৰিণিকি-ৰিণিকি ভাহি আহে কৰুণ আৰ্তি/ মোৰ সমুখত সেয়া যেন আত্মজৰ জলছবি

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

মৃণালিনী শইকীয়া

Advertisment

স্মৃতিৰ অৱশেষ বিচাৰি

নিশা গভীৰ হ’লেই

বুকুৰ নৈত দুখে নাও মেলে

উশাহত মিহলি হয় বিষাদ।

উটিবুৰি গৈ মই অতীতৰ মোহনাত ৰওঁ

য’ত ৰিণিকি-ৰিণিকি ভাহি আহে কৰুণ আৰ্তি

মোৰ সমুখত সেয়া যেন আত্মজৰ জলছবি

আই-পিতা,বাই-ভনী,ভাই-ককাই,সখা-সখী

এক নিৰৱধি যাত্ৰা বুজিও নুবুজা!

সম্পৰ্কবোৰ

ফুল এপাহৰ দৰে

পাহি মেলে,ফুলে,সুৰভি বিলাই

কেতিয়াবা আধাতে সৰে

আৰু কেতিয়াবা শুকান ফুলত ৰৈ যোৱা সুগন্ধিৰ দৰে

ৰৈ যায় অৱশেষ স্মৃতি।

মই পুৱতিৰ অপেক্ষাত ৰওঁ

দুখে নাও চপাওক সুখৰ ঘাটত

জলছবিবোৰ জীৱন্ত বা প্ৰাণৱন্ত হওক

আকৌ বিচাৰোঁ শৈশৱ কৈশোৰ যৌৱনৰ প্ৰাণোচ্ছল দিন

আৰু সখীৰ হাঁহিত পোহৰ হোৱা আবেলি

ভুল বুলি এৰি অহা বাটত খোজ থৈ চাওঁ

জানোচা সেই বাটতে বিচাৰি পাওঁ

জীৱনৰ ক্ষণিক আনন্দৰ মধুময় ক্ষণৰ অৱশেষ

বিচাৰি পাওঁ এৰি অহা পদূলিত বাট চাই ৰোৱা

আইৰ বুকুৰ উমাল আৱেগ৷

assam poem