কবিতা ১০৪/ প্ৰাৰ্থনা

কবিতা
কবিতা

হীৰেন গোঁহাই

 

(জনৈক কৰিৎকৰ্মা পাতনি লেখকৰ প্ৰতি)

     (ক)

পাতনি লেখক! তোমাৰ পেটত ৰাখিছো কতনা পাতনি সুমাই।

দিয়াচো আমাকো ফৰ্মুলা এটি টিলিকতে দিওঁ পাতনি পগাই।।

গ্ৰন্থমেলাৰ বতৰ আহিল, ফুলিল হেজাৰ গ্ৰন্থ।

ফলিয়ায় তাৰ তিনি, চাৰিখন, বাকীৰ কপাল মন্দ।।

পাতনিৰ সেয়েহে চাহিদা গৰম,যেন অপায়ৰ মাদলি।

বজাৰত আজি পাতনিৰ বাবে দুৰ্বাদল দলাদলি।।

ডজনে ডজনে লেখকে কৰিছে পদুলিত আহি ভিৰ।

সপ্তাহে পতি ডজন পাতনি লিখা তুনি মহাবীৰ।।

খোৱা শোৱা নাই, জিৰণিৰো শেষ, শেষ মোৰ তালুৰ চুলি।

তুমি অবিহনে নাই যে ভৰসা কৃপা কৰা চকু মেলি।।

খ)

সেয়েহে কাতৰে কাকুতি জনাওঁ
ফৰ্মুলা দিয়া সুধি!

সাপো নমৰে, এচাৰি নিচিগে

এনে মোক্ষম বুধি।।

ভাৱ বিতোপন ভাষা সুশোভন

ছপাবন্ধা ফাৰ্ষ্টক্লাছ।

এনে গ্ৰন্থই জিনিব জগৎ

নিৰ্ঘাৎ হ'ব পাছ।।

ভব্যগব্য সমালোচক

খোজে প্ৰতি কঁপে ধৰণি।

কিতাপ পঢ়াৰ সময় যে নাই

মত দিব পঢ়ি পাতনি।।

গ)

মিনিষ্টাৰৰ জীৱনী লিখিলে পাতনিৰ নাই প্ৰয়োজন।

আগেভাগে হ'ব এহেজাৰ কপি

মগোৱাৰ আয়োজন।।

হনুমন্তৰ বুৰঞ্জী যেয়ে গৱেষণা কৰি উলিয়াব।

হেজাৰে হেজাৰে বিক্ৰীৰ ধন তিনিও পুৰুষ যাব।।

মেলেচ যবন বংশই যত দেশ এন্ধাৰ কৰিলে,

চাহাবৰ বাদে বাকী নিধকক তুলা-ধূনা দিবা পাৰিলে,

গাঠি ভগা ধন আহিব উভতি, কৰিব ‘’ধন্য ধন্য’’

যত সভাসদে, লেখকে আৰ্জিব অক্ষয় মহাপুণ্য।

বাকী কিতাপৰ নাই যে আদৰ

পাতনিয়ে শেষ সাৰথি।

সেয়েহে অজলা লেখকে বেচেৰা

বিচাৰে পাতনি কাতৰি।।

মন্দমতি মই একো লিখা নাই

পাতনিতে মোৰ সিদ্ধি।

সেয়ে লেখকৰ বেহুত সোমালো

পলাবৰ নাই সন্ধি।।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in