কবিতা ৯৮/ আৰতি

author-image
Asomiya Pratidin
New Update
কবিতা ৯৮/ আৰতি

আৰতি

ড০ বৈজয়ন্ত কেওঁট

পকা সুমথিৰা এটা হৈ

বেলিটোৱে পৰম আমেজত

চকু মুদি দিছিল সিদিনা

ভেড়াজাকৰ উমাল পিঠিত

নিহালি এখন হৈ

মেৰিয়াই আনিবলৈ

 মন গৈছিল মোৰ

উচপিচাই উচপিচাই

কুটকুটাই কুটকুটাই

তাইৰ বুকুয়েদি উজাই আহি

দুগালত অস্ত গৈছিল সি

তাৰ পিছত আৰু

দেখাদেখি নাই

কত দিন গ'ল কত ৰাতি

সমাজিকত বিচাৰি ফুৰোঁ

কবিতাবোৰক সোধো

ন বোৱাৰীৰ কপালত

মিত্ৰৰ জুহালত

শতৰুৰ চোতালত

নাই, ক'তো নাই বেলিটো

এদিন ভালপোৱাৰ

আলাৱৈৰ ৰণত কলিজাটো

দুচিটা হ'ল মোৰ

তেজৰ সুতি এটা বৈ গ'ল

চৰাই জাকটো বধিৰ হৈ পৰিল

বতাহজাক  হ'ল জাৰজ

জীয়া শৱ এটা হৈ

 মথাউৰিয়েদি গৈ

আছিলো আজি

হঠাৎ দেখিলো

কহুৱাঁৰ সতে হালি জালি

চুলি মেলি  ওলাই আহিল

এটা সেন্দুৰীয়া বেলি

অদৃশ্য হাতেৰে

চিলাই থৈ গ'ল মোৰ কলিজা

মহৰ ডিঙিৰ টিলিঙাবোৰ

ক্ৰমাৎ শাব্দিক হৈ পৰিল

আৰু হৈ পৰিলো এক স্তৱক

মহাষ্টমী আৰতিৰ

assamese poem