কবিতা
কবিতা

কবিতা ১১৪/- কফিনৰ কথাবোৰ

অচ্যুত কৃষ্ণ কলিতা

সমাধি তলত শুই আছোঁ

মই কোৱা কথাবোৰ কোনেও নুশুনে

মোৰ কথাবোৰ কলিজাৰ পৰা ওলোৱা

ৰঙা ৰঙা তেজ হৈ থকা

তুমি কোৱা তোমাৰ কথাবোৰ

মই কওঁ শুনা মোৰ কথাবোৰ

আচলতে তোমাৰ মোৰ কথাবোৰ কথা হৈ নাথাকিল

বিয়পি পৰিল ইপাৰ সিপাৰ হৈ

অচিন নাৱৰীয়াই কথাবোৰ গান এটাৰ দৰে গুণগুণাই চালে

আমাৰ কথাবোৰ এনেকুৱাই শিল হব নোখোজা। নজহা নপমা

কোনেও শুনিব নোখোজোঁ কথাবোৰ আমি কওঁ

গছ - তৰু - লতা - শ্বহীদে কয়

সেইয়ে আমি অপতৃণ হৈ ৰওঁ

হাত ভৰি মেলি ৰোৱা কবৰ হৈ ৰওঁ

আমাৰ কথাবোৰ শেৱালি ফুলৰ দৰে

ৰৈ থাকিলেও সৰি থাকিলেও সুগন্ধ হৈ থকা

কথাবোৰ সপোন পক্ষীৰ দৰে

নিদ্ৰা অনিদ্ৰাৰ মাজতো আৱেশ হৈ থকা।

প্ৰাচীন দ্বীপপুঞ্জৰ অধিৱাসীৰ দৰেই আমাৰ ঠিকনাবোৰ,

সুখ কঢ়িয়াই আছোঁ

দুখত হুমুনিয়াহ এৰিছোঁ

শ্বাস প্ৰশ্বাসবোৰ আবদ্ধ সৰিসৃপৰ দৰে।

এই সময় সেই সময় বুলি একো কথা নাই,

ওপঙি থকা সময়বোৰতে দুলি দুলি আছোঁ।

কেতিয়াবা ঘাট পাইছোঁ

আতৰি আহিছোঁ

ডিঙা মেলি দিছোঁ

তোমাৰ লেম্পৰ পোহৰতে আগুৱাই আছোঁ।

মোৰ বাট তোমাৰ দৰে নহয়,

তোমাৰ বাট মোৰ দৰে অৰণ্য অভিমুখী নহয়

তথাপিও ওপঙি আছোঁ তোমাৰ দৰে

কেৱল তুমি মোৰ দৰে নহয়।

কবৰৰ পৰা উঠি আহোঁ

ইফালে সিফালে চাওঁ

একেই কবৰস্থানত বহু আততায়ী

পুনৰ সোমাই পৰো আপোন কফিনত

শামুকৰ দৰে কুচিমুচি থাকো।

কফিন খুলি এদিন কবা তোমাৰ কথাবোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in