কবিতা ৫৪/ শৰৎ

কবিতা ৫৪/ শৰৎ

- মুন ৰাজবংশী

চঞ্চল ফাগুনৰ বতাহত

পখিলা হৈ উৰি থাকোতেই

যৌৱনৰ ৰংবোৰ চিটিকি পৰিছিল

বহাগৰ চোতালত ।

শাওনৰ কোনোবা এটা আবেলিৰ

বৰষুণ জাকত তিতি গাভৰু হ'ল তাই;

নীলা আকাশত থকা

মেঘৰ চুবুৰীয়ে চুবুৰীয়ে

লুকা ভাকু খেলি 

জোনাকৰ বাগীত উঠি

নামি আহিল আজি বুকুৰ চুবুৰীত ।

কোনে বাৰু জোকাইছিল

যে গা ঢকাকৈ কহুঁৱা পিন্ধিছিল;

শাৰদী শৰৎ ৰাতি

সৰি পৰা নিয়ৰে

দুবৰিত বহি শেৱালিৰ স'তে 

কথা পাতিছিল ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in