/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kobita-2-1.jpg)
– মোহিত ৰাভা
যোৱা ৰাতি এটি জোনাকি
মোৰ আঠুৱাৰ ভিতৰত সোমাল ।
মই তাক সুধিলো
জোনাক বেচিবলৈ আহিছা নেকি…?
সি কলে…
গধুলি পদুলিত তোমাক দেখিলো,
বৰষুণৰ গানত কবিত এটা লিখিলো,
তাকেই তোমাক শুণাম বুলি আহিলো ।
তিৰবিৰ পোহৰত মই বাট হেৰুআও,
সুৰুযৰ পোহৰত নিজকে হেৰুআও,
জোনৰ জোনাক সেয়েহে বৰ ভাল পও,
আহিনৰ তিৰ-বিৰ তৰাৰ আকাশ
ফুট-গধূলিত মই যেন
তোমাৰ পদুলিত আঁকি থৈ যাও ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us