/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kobita-2-1.jpg)
-মুকুল গোস্বামী
নাৰিকল
জোপাৰ চিৰিলি পাতৰে
সৰি পৰিছিল এসময়ত
বৰষুণৰ মিহি টোপাল!
আকাশত ডাৱৰ মেঘৰ
মাজত আছিল জোন!
ঘৰৰ পৰা দেখিছিলো
ইয়াৰ কি অভিনৱ অৰ্থ আছিল!
এতিয়া নাই, নেদেখো!
নদীৰ
পাৰৰ শিমলুজোপাৰ
তলত বহি পানী জুৱলীতে
নাচি থকা দেখিছিলো
জিলমিল ৰূপালীমাছৰ
নাচোন!
কি যে অভিনৱ অৰ্থ।
এয়া প্ৰাণ।
সৌন্দৰ্যও অভিনব আছিল!
এতিয়া
বহু দূৰৰ বালিয়ৰী ঠাইত
শব্দই কৰে চেকুৰা চেকুৰা তেজ!
উফৰি অহা টান টুকুৰাবোৰত
হিংসা ঘৃনাৰ পতাকা।।
কৰৱাত সভা হয়
বহু মানুহৰ,
ভৰি যায়
শান্তিৰ বাৰ্তাৰে বগা
বগা কাপোৰ। পিচদিনা দক্ষিণত মৃতদেহবোৰ ৰুই
দিয়ে!!
অভিনৱ অৰ্থ।
মোৰ পথাৰত বন নগজে
খেতিবাটি
মোৰ বাবে দূৰৰ কথা!
খৰাং ঠাই ডুবি আছে পানীৰ
তলত! আমি আছো
জুইৰ মাজত সপোন দেখিছো।
ৰিব ৰিব
মলয়াৰ শান্তিৰ অৰ্থবহ এচাটি
বতাহ!!
হওক আচল অৰ্থ অভিনৱ।