–শান্তনু শৰ্মা
পকা বৰথেকৰাটু হৈ
অল্মি আছিল দিপেৰাটু
আৰু মই হৈ পইচ্ছিলু
আকডাল বাঢ়েনা গাছ
সমুদায় গাউখান নদী
হৈ ববা খুইচ্ছিল
ইটুপাৰে সিটুপাৰে পৰ দি দি
ভালপ'ৰ সুইহৰেণী
মোৰ পিয়াহ লাইগছিল
বিলোৰ পদুম দেখি
শিঙেৰীৰ কাটাইদি
কাইটছিলু হাত
মাছৰকা ৰাতিটু নাহাক বুলি
কউহা খুইন্দ বতাহোত
হেমন্তোৰ পাইনকেউছা মাত
আইদ্যে বুলি দহি য মৰমোত
পাইনতুলা ঘাট
অ' বকুল আজি
পাগ্লা কোইৰবানু কাক !
আঘান মাহ
পকা ধানোত আকবুক সাহ
কাঁচিৰ দাৰোত
খেইতাৰ উলাহ
মুদৈৰ নাউখান ডুবাবাক লেগি
সাত সাগাৰোৰ সিপাৰোৰ
এতেই উইঠপা পাৰে
তেজীমলা বান
দিপেৰাটু নাছিল
নীলাচলে ঘেৰা
নিলামোৰ বেহা ববা খুজা
নিলাজ দিপেৰা
নাছিল কতো মাতোৰ চিৰেতা
প' নাপ'ৰ ভাগাৰ
চাইৰবাক লেগি আছিল
কলমৌ পুখৰীৰ হাউছ
শিঙেৰী শেলুক আৰু মৌকাৰ
ভাৰ বৈ
তাই আইহছিল বিৰাই প
সেই দেওলাগা দিপাৰবেলা
সন্ধাসাজোৰ আকমুঠা
জুৰেনীৰ জলঙালৈ
তুলসী গউধলাৰ
ছাঁয়ামায়াৰ আগে আগে
মোক পুৰা কোইলজাটু দি
ঘৰমুৱা হৈছিল
কৈবত্ত গাউৰ পহেৰী বাই —।।