অনুপ্ৰৱেশকাৰীৰ পৰা অসমবাসী সাৱধান : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

অসম চৰকাৰৰ কাম-কাজক প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। বিয়লি ২.৫০ বজাত তেওঁ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
499

ডিজিটেল ডেস্ক : অসম চৰকাৰৰ কাম-কাজক প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। বিয়লি ২.৫০ বজাত তেওঁ বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো মুকলি কৰে। নতুন টাৰ্মিনেলত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। তাৰ পিছতে জনসভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

WhatsApp Image 2025-12-20 at 9.06.51 PM

ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বোত্তৰৰ বিকাশে দেশক শক্তিশালী কৰি তোলে। অসমৰ বিকাশত আজি এটা নতুন অধ্যায় আৰম্ভ হৈছে। ভূপেন হাজৰিকাৰ “লুইতৰ পাৰ জিলিকাই তুলিম” কেৱল গান নাছিল, এইটো অসমৰ প্ৰতি থকা মহান লোকসকলৰ সংকল্প আছিল। যেনেকৈ ব্ৰহ্মপুত্ৰৰ ধাৰা ৰৈ নাযায়, ঠিক তেনেদৰে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ বিকাশৰ ধাৰাও অবিৰতভাৱে বৈ আছে। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক অসমৰ গৌৰৱ বুলি কয়।

WhatsApp Image 2025-12-20 at 7.56.07 PM (1)

ইফালে, কংগ্ৰেছক কটাক্ষৰে নিৰ্বাচনীৰ ৰণশিঙা বজাই প্ৰধানমন্ত্ৰী মোডীয়ে। তেওঁ কয় - কংগ্ৰেছ চৰকাৰে বহু বছৰ ধৰি অসমৰ সৈতে অন্যায় কৰি আছিল। কংগ্ৰেছে অসম আৰু উত্তৰ-পূবৰ বিকাশক গুৰুত্ব দিয়া নাছিল। কিন্তু বিগত ১১ বছৰত অসমত ব্যাপক উন্নয়ন হৈছে।

WhatsApp Image 2025-12-20 at 7.56.07 PM

হাইৱে’, বিমানবন্দৰ, ৰে’লপথ আদিৰ ক্ষেত্ৰত অসমে নতুন গতি পাইছে। কংগ্ৰেছ আহক-নাহক, মই অসমলৈ আহিমেই, কিয়নো অসমৰ উন্নয়ন মোৰ দায়িত্ব। লগতে, অসম চৰকাৰৰ কাম-কাজক প্ৰশংসাৰে উপচাই পেলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ডঃ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমে উন্নয়নৰ নতুন দিশত আগবাঢ়িছে। 

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা অসমবাসীক সাৱধান হ’বলৈ আহ্বান জনাই মোডীয়ে। তেওঁ কয় যে কংগ্ৰেছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰতি অতিৰিক্ত দৰদ দেখুৱাই আহিছে। ভোট বেংকৰ স্বাৰ্থত কংগ্ৰেছে অবৈধ অনুপ্ৰৱেশক সহানুভূতি দেখুৱাই অসমবাসীৰ ভৱিষ্যত বিপদত পেলাইছে বুলি তেওঁ অভিযোগ তোলে।

WhatsApp Image 2025-12-20 at 7.56.06 PM

এনে ৰাজনীতিত অসমবাসীক সাৱধান হ’বলৈ তেওঁ সকীয়নি দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জনগাঁথনি সলনি কৰিছে আৰু বহু ঠাইত ভূমি আৰু বনাঞ্চল দখল হৈছে। ইয়াৰ ফলত অসমৰ পৰিচয় আৰু সুৰক্ষা বিপদত পৰিছে। এই পৰিস্থিতিৰ পৰা অসমক ৰক্ষা কৰিবলৈ একতাৰে থিয় হোৱাৰ আহ্বান জনাই মোডীয়ে।

ভাষণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়ন আৰু সুৰক্ষাই বিজেপিৰ মূল লক্ষ্য। অসমৰ বিকাশৰ গতি অব্যাহত ৰাখিবলৈ কংগ্ৰেছৰ এনে ষড়যন্ত্ৰ ব্যৰ্থ কৰিব লাগিব। অসমৰ বিকাশৰ গতি বজাই ৰাখিবলৈ একতাৰে থাকিব লাগিব। মোদীৰ মতে, ভাৰতৰ ভৱিষ্যতৰ নতুন সূৰ্যোদয় অসমৰে পৰাই হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী