বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছত থাকিব জহা চাউলৰ ভাত, মাটি মাহৰ দাইল...

দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ শনিবাৰে অসমত মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছত আছে বিভিন্ন অত্যধুনিক সা- সুবিধা। তাৰোপৰি নতুনকৈ ভাৰতীয় ৰে’লত সংযোজিত হোৱা বন্দে ভাৰতত থাকিব থলুৱা অসমীয়া খাদ্য সম্ভাৰ

author-image
Asomiya Pratidin
New Update
649

ডিজিটেল ডেস্ক : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ শনিবাৰে অসমত মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছত আছে বিভিন্ন অত্যধুনিক সা- সুবিধা। তাৰোপৰি নতুনকৈ ভাৰতীয় ৰে’লত সংযোজিত হোৱা বন্দে ভাৰতত থাকিব থলুৱা অসমীয়া খাদ্য সম্ভাৰ। যাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব জহা চাউলৰ ভাত, মাটিমাহৰ দাইল, টেঙা, খাৰ, পোৰা, পিটিকা, লাবৰা ইত্যাদিৰ দৰে থলুৱা খাদ্য। ভাৰতীয় ৰে’লে অসমৰ খাদ্যৰ প্ৰতি গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে শলাগ লৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

ড০ শৰ্মাই কয়- মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঐতিহ্য আৰু সংস্কৃতিক মৰ্যাদা প্ৰদান কৰি প্ৰযুক্তিগত উন্নয়নী যাত্ৰাক আগুৱাই নিয়াত সদায় প্ৰাধান্য দি আহিছে৷ আপোনালোকে জানি ভাল পাব-- কালি ফ্লেগ অফ কৰা প্ৰথম বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ অত্যাধুনিক সকলো সুবিধাৰে সমৃদ্ধ হোৱাৰ লগতে জহা চাউলৰ ভাত, মাটি মাহৰ দাইল, লাবৰা আদি অসমীয়া থলুৱা খাদ্যও উপলব্ধ হ'ব৷

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ১৭ আৰু ১৮ জানুৱাৰী ২০২৬ এই দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰী মোডীয়ে অসম ভ্ৰমণৰ প্ৰথমটো দিনতে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিছিল দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ। একেদৰে তেওঁৰ এই অসম ভ্ৰমণৰ দ্বিতীয়টো দিনত কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ প্ৰকল্পৰ শিলান্যাস, প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ আদি কেইবাটাও প্ৰকল্পৰ কাম সম্পন্ন কৰিব। 

বন্দে ভাৰত এক্সপ্ৰেছ বন্দে ভাৰত শ্লীপাৰ