ইণ্ডিয়ান পেনৰ’মালৈ নিৰ্বাচিত অসমীয়া ছবি ‘ভাইমনদা’

দুখে আৱৰি ধৰা সময়ছোৱাতে অসমৰ সাংস্কৃতিক জগতৰ বাবে আহিছে এক ভাল খবৰ। অসমীয়া ছবি উদ্যোগলৈ অনস্বীকাৰ্য অৱদান আগবঢ়াই যোৱা মুনিন বৰুৱাৰ ওপজা দিনটোৰ পিছ দিনাই আহিছে এই খবৰটি। 

author-image
Asomiya Pratidin
New Update
143

ডিজিটেল ডেস্ক : দুখে আৱৰি ধৰা সময়ছোৱাতে অসমৰ সাংস্কৃতিক জগতৰ বাবে আহিছে এক ভাল খবৰ। অসমীয়া ছবি উদ্যোগলৈ অনস্বীকাৰ্য অৱদান আগবঢ়াই যোৱা মুনিন বৰুৱাৰ ওপজা দিনটোৰ পিছ দিনাই আহিছে এই খবৰটি। 

মুনিন বৰুৱাৰ জীৱনক লৈ নিৰ্মাণ কৰা ছবি ‘ভাইমনদা’ নিৰ্বাচিত হৈছে ইণ্ডিয়ান পেনৰ’মালৈ। ৬ নৱেম্বৰ ২০২৫ৰ পুৱা এই খবৰ লাভ কৰাৰ লগে লগে আনন্দিত হৈ পৰে ছবিখনৰ পৰিচালক শশাংক সমীৰ। তেওঁ কয় যে, মুনিন বৰুৱাৰ জন্মদিন ৫ নৱেম্বৰ আৰু তাৰ এদিন পাছতে এই খবৰে সঁচাকৈ আনন্দিত কৰিছে। 

উল্লেখযোগ্য যে, জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ অকাল বিয়োগে আজিও অসমৰ সৰ্বস্তৰৰ লোকসকলক মৰ্মাহত কৰি ৰাখিছে। কাৰোৰে বাবে স্বাভাৱিক জীৱন- যাপন কৰিব পৰা অৱস্থা আজিও হৈ উঠা নাই। তেনেস্থলত এই খবৰে কিঞ্চিত হ’লেও সকলোকে আনন্দিত কৰিছে। 

প্ৰণিধানযোগ্য যে, মুনিন বৰুৱাৰ জীৱনভিত্তিক ‘ভাইমনদা’ ব্যৱসায়িকভাৱে এখন সফল চিনেমা। এই ছবিখনত তাৰকা শিল্পীৰ পৰিৱৰ্তে কেইবাখনো নতুন মুখৰ কলা- কুশলীয়ে অভিনয় কৰিছিল।

প্ৰতিগৰাকী অভিনেতা- অভিনেত্ৰীৰ চৰিত্ৰই আছিল অতি সাৱলীল আৰু সুন্দৰ। ছবিখন প্ৰযোজনা কৰিছিল জীল ক্ৰিয়েচন তথা শ্যামন্তক গৌতমে। একেদৰে সংগীত প্ৰযোজনা কৰিছিল জুবিন গাৰ্গে।

জুবিন গাৰ্গ অসমীয়া চিনেমা চিনেমা