/asomiyapratidin/media/media_files/2025/04/19/nAT9ROPmPaBRkgMnW6yA.jpg)
ডিজিটেল সংবাদ,টেক্সাছঃ বিদেশত থিতাপি লোৱা অসমীয়াইয়ো উদযাপন কৰিছে বাপতি সাহোন ৰঙালী বিহুটি ৷ টেক্সাছৰ ৰাজধানী চহৰ অষ্টিনত থকা অসমীয়া লোকসকলে হাঁহি-ধেমালিৰে পাৰ কৰিলে বিহুৰ এটি সন্ধিয়া ৷ সকলোৱে একেলগ হৈ অনুষ্ঠিত কৰিলে হেঁপাহৰ ৰঙালী বিহুটি ৷
অষ্টিনৰ অসমীয়া সমাজে বিগত ৩ বছৰে বিহু পালন কৰি আহিছে। চলিত বৰ্ষৰ ১২ এপ্ৰিলতো অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০টা পৰিয়ালে পালন কৰে ৰঙালী বিহু। এই অনুষ্ঠানত জনপ্ৰিয় নৃত্য শিল্পী মৰমী মেধি, অভিনেত্ৰী মেঘৰঞ্জনী মেধি আৰু তেওঁৰ স্বামী অভিনেতা নীল দাস উপস্থিত থাকে। বিহু হুঁচৰি, বিহু নৃত্য, শিশুৰ বিহু পৰিবেশন, একক অনুষ্ঠান পৰিবেশনেৰে অষ্টিন চহৰৰ সন্ধিয়াটো জীপাল হৈ পৰে ।
লক্ষ্যণীয় যে, টেক্সাছৰ ৰাজধানী চহৰ অষ্টিনক ১৯৮০ চনলৈকে এখন সৰু চহৰ বুলি গণ্য কৰা হৈছিল। সেই সময়ত অষ্টিনত মাত্ৰ এমুঠিমানহে অসমীয়াই বাস কৰি আছিল। কিন্তু বিংশ শতিকাৰ শেষৰ ফালে হাইটেক কোম্পানীৰ আবিৰ্ভাৱৰ লগে লগে চহৰখনত অসমীয়াৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে।
চহৰখনত অসমীয়া পেছাদাৰী ব্যক্তিৰ আগমন আৰম্ভ হ’ল। বৰ্তমান অষ্টিন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা অসমীয়া পৰিয়ালৰ সংখ্যা প্ৰায় ৪৫টা। উল্লেখ কৰা প্ৰয়োজন যে, একবিংশ শতিকাৰ প্ৰথম দশকত চহৰখনত প্ৰায় ৮ৰ পৰা ১০টা অসমীয়া পৰিয়ালহে আছিল।
তেওঁলোকে হিউষ্টন অসমীয়া জনগোষ্ঠীৰ সৈতে মিলি বিহুৰ লগতে অন্যান্য অনুষ্ঠান উদযাপন কৰিছিল। অসমীয়া পৰিয়ালৰ সংখ্যা বৃদ্ধিৰ পাছতে অষ্টিনৰ অসমীয়া সমাজখন অসম-ইন-অষ্টিন, লুইতপৰিয়া বুলি জনাজাত হ'ল। ইয়াৰ লগে লগে তেওঁলোকে ২০২১ চনৰ পৰা অষ্টিনত বিহু আৰু অন্যান্য অনুষ্ঠান সমূহ উদযাপন কৰিবলৈ আৰম্ভ কৰে।