জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা : সাক্ষ্যদানৰ বাবে কাইলৈ অসমলৈ আহিব ছিংগাপুৰৰ প্ৰবাসী অসমীয়া

ছিংগাপুৰত জুবিন গাৰ্গৰ অকাল বিয়োগৰ ঘটনাৰ অন্যতম সাক্ষী তথা প্ৰবাসী ৪জন অসমীয়া ছিংগাপুৰৰ পৰা সোমবাৰে অসমলৈ আহিব

author-image
Asomiya Pratidin
New Update
502

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিক লৈ ৰাজ্যজুৰি চলি থকা দাবীৰ মাজতে শেহতীয়াকৈ আহিছে এক ভাল খবৰ। ছিংগাপুৰত জুবিন গাৰ্গৰ অকাল বিয়োগৰ ঘটনাৰ অন্যতম সাক্ষী তথা প্ৰবাসী ৪জন অসমীয়া ছিংগাপুৰৰ পৰা সোমবাৰে অসমলৈ আহিব। 

একোগৰাকী সাক্ষী হিচাপে তেওঁলোকে সমগ্ৰ ঘটনাৰ সাক্ষ্যদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে এছ আই টিৰ চমনৰ পিছতে সাক্ষ্য দিবলৈ অসমলৈ আহিব ছিংগাপুৰত থকা অসমীয়া লোককেইজন। ইতিমধ্যে ছিংগাপুৰীয়া অসমীয়া ৰূপকমল কলিতাই সাক্ষ্য প্ৰদান কৰি ছিংগাপুৰলৈ গৈছে। 

শেহতীয়াকৈ আহিব লগা প্ৰবাসী অসমীয়াকেইজন হৈছে- তন্ময় ফুকন, সুস্মিতা গোস্বামী, অভিমান্যু তালুকদাৰ আৰু দেৱজিত হাজৰিকা। এই আটাইকেইগৰাকী প্ৰবাসী অসমীয়াই জুবিন গাৰ্গৰ ঘটনাৰ সাক্ষ্য প্ৰদান কৰিব।

প্ৰণিধানযোগ্য যে, ১৯ ছেপ্তেম্বৰ ২০২৫ত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়টত উল্লেখিত লোককেইগৰাকীও আছিল।

জুবিন গাৰ্গ