/asomiyapratidin/media/media_files/2025/04/15/qUqHFeaZEftDL5DFRH3i.jpg)
ডিম্পুল বৰগোহাঁই
ভাষা চৈতন্যই জাতীয় চৈতন্য। ভাষা থাকিলেহে জাতি থাকিব । অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যদা লাভ কৰাৰ পাছত অসম চৰকাৰৰ আজিৰ এই সিদ্ধান্তই অসমীয়া ভাষাটোৰ মুখত পুনৰ এজোলোকা পানী দিলে। অৱশ্যে ভাষাটোক সুস্বাস্থ্যৰে জীয়াই ৰাখিবলৈ আৰু বহুত জীৱনদায়িনী ঔষধৰ প্ৰয়োজন । তথাপিও পহিলা বহাগতে এই শুভকৰ্মৰ বাবে অসম চৰকাৰ নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ।
১বহাগৰ দিনটোৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী কাৰ্যালয়সমূহত ইংৰাজীৰ লগতে অসমীয়া ব্যৱহাৰ বাধ্যতামূলক। এই নিয়ম কাৰ্যকৰী হোৱাৰ ফলত এতিয়াৰে পৰা সকলো ধৰণৰ চৰকাৰী অধিসূচনা, যোগাযোগ অসমীয়াতে হ’ব। অৱশ্যে বৰাক উপত্যকাত ইংৰাজী ভাষাৰ লগতে বাংলা ভাষাহে ব্যৱহাৰ বাধ্যতামূলক হ’ব। সেইদৰে বি টি আৰ অঞ্চলত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ বাধ্যতামূলক।
সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ'ব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কার্যবাহী নির্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ'ব।
কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়ময়াৱলী আৰু নির্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ ত্রিশ (৩০) দিনৰ ভিতৰত অসমীয়া ভাষালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব।
অসম চৰকাৰে এই সিদ্ধান্ত পূৰ্বৰ কেবিনেট বৈঠকতে গ্ৰহণ কৰিছিল। পহিলা বহাগৰ দিনটোতে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ কথা খোদ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। ৰাজ্যৰ চৰকাৰ এই ঘোষণা তথা সিদ্ধান্তক নিসন্দেহে ঐতিহাসিক বুলি অভিহিত কৰিব পাৰি। কিয়নো বাৰে ৰহনীয়া অসমৰ সভ্যতা সংস্কৃতি যি ভিন্নসুৰী দিশ আছে তাত কেৱল ভাষাটোৰ কথা চিন্তা কৰা লোকৰ সংখ্যা তেনেই তাকৰ।
বিভিন্ন জাতি ধৰ্ম আৰু পৰম্পৰাৰ মাজত ভাষাৰ বৈশিষ্ট্য কেৱল ব্যৱহাৰিক দিশটোৰ মাজতে আবদ্ধ হৈ পৰে। তাৰোপৰি অলেখ উপ ভাষা , দোৱান আদিৰ প্ৰাদুৰ্ভাৱ থকা অসমৰ দৰে এখন ৰাজ্যত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা দিনক দিনে কমি আহিছে।
তাতে যদি চৰকাৰী ভাবেই ভাষাৰ প্ৰয়োগ আৰু প্ৰয়োজনীয়তাক অৱহেলা কৰা হয় তেনে কাল ক্ৰমত অসমীয়া ভাষাই অৱস্থা হবগৈ তথৈবচ। কিন্তু এনে সময়তে অসম চৰকাৰে গ্ৰহণ কৰিলে এই ঐতিহাসিক সিদ্ধান্তটো। ব্ৰিটিছে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰে পৰাই অসমত অসমীয়া ভাষাৰ ওপৰত এক প্ৰকাৰৰ অত্যাচাৰ চলিছিল। ১৮৩৬ চনৰ পৰা অসমৰ স্কুল কলেজ অফিচ কছাৰী আদিত বঙলা ভাষাই আধিপত্য লাভ কৰি অসমীয়া ভাষালৈ চৰম বিপর্যায় নমাই আনিছিল।
প্ৰায় ছয়ত্ৰিশ বছৰ অসমীয়া ভাষাই নতুন জীৱন পাবৰ বাবে ককবকাব লগা হৈছিল। কিন্ত সৌভাগ্যৰ কথা আছিল যে অসমীয়া ভাষাৰ সোণালী যুগ অৰুনোদইৰ কালত অসমীয়া ভাষাই আকৌ এবাৰ বৰ ঘৰত ঠাই পাইছিল। শিৱসাগৰ মিছন প্ৰেছৰপৰা প্ৰকাশ পোৱা বার্তালোচনী অৰুনোদই, পিছলৈ অৰুনোদয় আছিল আধুনিক অসমীয়া ভাষা সাহিত্যৰ বাটকটিয়া।
আনন্দৰাম ঢেকীয়াল ফুকন , লম্বোদৰ বৰা, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা , ৰত্নেশ্বৰ মহন্ত আদিৰ দৰে মনীষীয়ে সেই বার্তালোচনীৰ জৰিয়তে অসমীয়া সাহিত্য ক্ষীৰধৰা বোৱাই ৰাখি প্ৰতিজন অসমীয়াৰ মুখ আৰু প্ৰাণত সেই ধাৰাৰ সোৱাদ দিবিলৈ সক্ষম হৈছিল।।
উচ্চ শিক্ষাত অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ মাধ্যম আন্দোলনকে ধৰি, কাৰ্যালয়সমূহত চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ১৯ শতিকাৰ পৰাই সংঘৰ্ষৰ সূচনা হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছ অধীনলৈ যোৱাৰ পৰৱৰ্তী কালত প্ৰশাসনিক সুবিধাৰ বাবে বহুতো বঙালী ভাষী লোক অসমলৈ আনিছিল। তেওঁলোকৰ প্ৰৰোচনাতে অসমৰ কাৰ্যালয় আৰু ন্যায়ালয় সমূহত বঙালী ভাষা চৰকাৰী ভাষা হিচাপে ব্যৱহৃত হৈছিল। কিন্তু অসমৰ ৰাইজ আৰু আমেৰিকান ব্যাপ্টিষ্ট মিছনেৰীসকলৰ প্ৰচেষ্টাত পুনৰাই অসমত অসমীয়া ভাষা প্ৰতিষ্ঠিত হৈছিল।
ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্ৰতিষ্ঠান শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ’ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলৱৎ হোৱাত এই আন্দোলনে আৰু বল পায়। ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি অসম সাহিত্য সভায়ে অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়।
এই আন্দোলনত বহুতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত মৃত্যু বৰণ কৰিছিল। তেওঁৰ লগতে বহুতে এই আন্দোলনত শ্বহীদ হৈছিল। ইয়াক ’ভাষা আন্দোলন’ বুলি অভিহিত কৰা হয় আৰু ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰা হয়।
এই আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰী ভাষা আইন, ১৯৬০ প্ৰণয়ন কৰা হয় আৰু অসমীয়া ভাষাক ইংৰাজী ভাষাৰ সৈতে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। চৰকাৰৰ এই সিদ্ধান্তক বহুতেই আদৰণি জনায় যদিও অসমৰ কিছুমান ঠাইত বিশেষকৈ বৰাক উপত্যকাত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হয়।
বৰাক উপত্যকাত বঙালী ভাষা আন্দোলন সংঘটিত হোৱাত অসম চৰকাৰী ভাষা আইন, ১৯৬০খন সংশোধন কৰা হয় আৰু ভাষিক সংখ্যালঘু সকলৰ ভাষাৰ অধিকাৰ ৰক্ষা কৰা হয়। ইয়াৰ লগে লগে বৰাক উপত্যকাৰ জিলাকেইখনত অতিৰিক্তভাৱে বঙালী ভাষা চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰে। কিন্তু পিছৰ সময়চোৱাত এই আইনখন ভিন্ন বাধাৰ বাবে সম্পূৰ্ণকৈ কাৰ্যকৰী কৰিব পৰা নাছিল।
ভাষা আন্দোলনৰ ঘটনাক্ৰমঃ
২২ এপ্ৰিল ১৯৫৯-ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাছাৰ আৰু পাহাৰীয়া জিলাকেইখন প্ৰস্তুত নোহোৱা পৰ্যন্ত বাদ দি অসমৰ বাকী অংশত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কিন্তু প্ৰদেশ কংগ্ৰেছ কমিটিৰ এই প্ৰস্তাৱে ৰাজ্য সকলো শ্ৰেণীকে সন্তুষ্ট কৰাত ব্যৰ্থ হ’ল।
একে বছৰৰে ৯ চেপ্তেম্বৰৰ দিনটোত অসম সাহিত্য সভাই ৰাজ্যভাষা দিৱস হিচাপে পালন কৰে তদানিন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰোঁতে বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে অসমীয়াক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায়। ছাত্ৰ সংগঠনবোৰে ইয়াৰ সমৰ্থনত সমদল, ধৰ্মঘট, সভা আদি অনুষ্ঠিত কৰে। ১৯৬০ চনৰ বিধান সভাৰ বাজেট অধিবেশনত বিভিন্ন ৰাজনৈতিক দলৰ বহুতো বিধায়কে বিধান সভাত বিষয়টো উত্থাপন কৰে আৰু গৰিষ্ঠ সংখ্যকে ইয়াক সমৰ্থন জনায়।
কিন্তু অসমীয়া ছাত্ৰ সংগঠন, অসমীয়া বিধায়ক, অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু অসম সাহিত্য সভাই উত্থাপন কৰা অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া দাবীৰ বিশেষকৈ দুটা পক্ষই বিৰোধ কৰিছিল। প্ৰথমটো পক্ষত আছিল অসমৰ পাহাৰীয়া জিলাকেইখনত সক্ৰিয় হৈ থকা ৰাজনৈতিক সংগঠন অল পাৰ্টি হিল লিডাৰ্চ্ কনফাৰেঞ্চ আৰু অন্য জনজাতীয় সংগঠনবোৰ।
অল পাৰ্টি হিল লিডাৰ্চ কনফাৰেঞ্চৰ বিধায়কসকলে বিধান সভাত এই দাবীৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁলোকৰ যুক্তি আছিল অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিলে তেওঁলোকৰ ইংৰাজী শিক্ষাৰে শিক্ষিত মধ্যবিত্ত শ্ৰেণীটো চৰকাৰী চাকৰিৰ ভাগীদাৰীৰ ক্ষেত্ৰত বঞ্চিত হ’ব। শ্বিলঙত অনা-অসমীয়া ছাত্ৰসকলে সমদল উলিয়ায় আৰু অসমীয়াৰ বিৰূদ্ধে শ্লোগান দিয়ে।
বিৰোধ কৰা আনটো পক্ষ আছিল বঙালীসকল। তেওঁলোকৰ প্ৰতিদাবী আছিল, অসমীয়াৰ সৈতে বঙালীকো অসমৰ দ্বিতীয়টো চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া। এই দাবী-প্ৰতিদাবীৰ প্ৰতিক্ৰিয়া স্বৰূপে উজনী অসমত অসমীয়া আৰু বঙালীৰ মাজত গোষ্ঠীগত সংঘৰ্ষৰ আৰম্ভ হ’ল। লাহে লাহে এই সংঘৰ্ষ অসমৰ অন্যান্য ঠাইলৈও সম্প্ৰসাৰিত হৈ পৰিল আৰু ই প্ৰবল ৰূপ ধাৰণ কৰিলে।
ইফালে শিলচৰত পশ্চিম বংগৰ এজন সাংসদ চপলা কান্ত ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিখিল অসম বঙালীভাষী সন্মিলনত অসমক দ্বি-ভাষিক ৰাজ্য হিচাপে ঘোষণা কৰাৰ দাবী জনায়। শিলচৰ আৰু কৰিমগঞ্জৰ বাৰ এচোছিয়েচনে ৰাজ্যখনত আইন-কানুনৰ চূড়ান্ত অৱনতি হোৱা বাবে ৰাষ্ট্ৰপতিৰ শাসন দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।
৪ জুলাই ১৯৬০-ত গুৱাহাটীত পুলিচে লাঠি আৰু গুলী চালনা কৰাত কটন কলেজৰ ৰঞ্জিত বৰপূজাৰী নামৰ এজন ছাত্ৰৰ মৃত্যু হয় আৰু আন ৬জন ছাত্ৰ আহত হয়। বৰপূজাৰীক চৰকাৰী ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ বুলি গণ্য কৰা হয় ।ইফালে পশ্চিম বংগতো অসমৰ ভাষা আন্দোলনৰ প্ৰভাৱ পৰাত কলকাতাত শ্বুটিং হৈ থকা লাচিত বৰফুকন নামৰ চলচ্চিত্ৰ এখনৰ শ্বুটিং আধাতে সামৰি অন্য শিল্পী আৰু কলা-কুশলীসকল উৰাজাহাজেৰে অসমলৈ উভতে যদিও সূৰ্য্য বৰা নামৰ ছবিখনৰ অভিনেতা এজন ৰেলেৰেহে উভতি আহিছিল। আহোঁতে কোনোবা দুৰ্বৃত্তই তেওঁক শিলিগুৰিত হত্যা কৰে।
সমগ্ৰ অসমত সংঘটিত হোৱা হিংসাত্মক ঘটনা আৰু উত্তেজনাময় পৰিবেশৰ নিৰসন কৰিবলৈ বিমলা প্ৰসাদ চলিহা নেতৃত্বাধীন অসম চৰকাৰে ১৯৬০ চনৰ ১০ অক্টোবৰত বিধান সভাত অসম চৰকাৰী ভাষা বিধেয়ক, ১৯৬০ দাখিল কৰে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ তদানিন্তন বিধায়ক ৰণেন্দ্ৰ মোহন দাসে বিধেয়কখন সম্পৰ্কত ভাষিক সমস্যাটোৰ ই স্থায়ী সমাধান কৰিব নোৱাৰে বুলি মন্তব্য দিয়ে। যথেষ্ঠ বিৰোধৰ মাজতো বিধেয়কখন ২৪ অক্টোবৰত গৃহীত হয় আৰু ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছত ই আইনলৈ পৰিণত হয়।
অসম চৰকাৰী ভাষা আইন, ১৯৬০-ৰ ৩য় দফাত উল্লেখ কৰা হয় যে ভাৰতীয় সংবিধানৰ ৩৪৬ আৰু ৩৪৭ অনুচ্ছেদৰ আধাৰত অসমৰ চৰকাৰী কামকাজত অসমীয়া ভাষা ব্যৱহাৰ কৰা হ’ব। সকলো অধ্যাদেশ, ৰাজ্যিক বিধান সভাত গৃহীত সকলো আইন, বিধান সভাত সংশোধনীৰ বাবে দাখিল কৰা সকলো বিধেয়ক, ৰাজ্য চৰকাৰে জাৰি কৰা সকলো আদেশ, প্ৰবিধান, বিধি আৰু উপবিধি, লগতে সংসদে তৈয়াৰ কৰা আইন- ৰাজপত্ৰত অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব। আনহাতে চৰকাৰী কামকাজত ইংৰাজী ভাষাৰ প্ৰয়োগৰো অনুমোদন থাকিব। ইংৰাজীৰ বিকল্প হিচাপে হিন্দী ভাষাকো ৰাজ্য চৰকাৰৰ সচিবালয় আৰু বিভাগীয় প্ৰধানৰ কাৰ্যালয়ত ব্যৱহাৰ কৰিব পৰা যাব।
উক্ত আইনৰ ৫ম দফা অনুসৰি বঙালী অধ্যুষিত অবিভক্ত কাছাৰ জিলাত (বৰ্তমানৰ কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি) বঙালী ভাষাক প্ৰশাসনীয় আৰু চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হ’ব। অৱশ্যে ইয়াৰ পূৰ্বে জিলাখনৰ মহকুমা পৰিষদ আৰু পৌৰসভাৰ এখন যুটীয়া বৈঠকত ন্যুনতম দুই তৃতীয়াংশ সদস্যৰ উপস্থিতিত চৰকাৰী ভাষা হিচাপে কোনটো ভাষা গ্ৰহণ কৰা হ’ব, সেই সম্পৰ্কে ভোটযোগে সিদ্ধান্ত ল’ব লাগিব।
অসম চৰকাৰী ভাষা আইন, ১৯৬০-য়ে অবিভক্ত কাছাৰ জিলাৰ বঙালীভাষীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰে। নিখিল অসম বঙালীভাষী সমিতিয়ে বঙালী ভাষাকো ৰাজ্যৰ অন্যতম চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰত স্মাৰকপত্ৰ প্ৰদান কৰে। ১৯৬১ চনৰ ৫ ফেব্ৰুৱাৰীত কাছাৰ গণসংগ্ৰাম পৰিষদৰ গঠন কৰা হয়। ১৪ এপ্ৰিলত জিলাখনৰ অধিবাসীসকলে সংকল্প দিৱস পালন কৰে। ২৪ এপ্ৰিলত গণসংগ্ৰাম পৰিষদে জিলাখনত বিষয়টো সন্দৰ্ভত জন-সচেতনতা বঢ়াবলৈ পদযাত্ৰাৰ আৰম্ভণি কৰে। ২ মে’ত শিলচৰত এই পদযাত্ৰাৰ সামৰণি পৰে।
১৯ মে’ত হৰতালৰ আহ্বান জনোৱা হয়। সেইদিনা দিনৰ প্ৰায় আঢ়ৈ বজাত ৯জন সত্যাগ্ৰহী কঢ়িয়াই দিনা পুলিচৰ ট্ৰাক এখন শিলচৰ ৰেল ষ্টেচনৰ ওচৰেৰে পাৰ হৈ যাওঁতে ষ্টেচনত পিকেটিং কৰি থকা সত্যাগ্ৰহীসকলে ট্ৰাকখন আবদ্ধ কৰাত ট্ৰাকখনত পহৰা দি অহা পুলিচকেইজন পলাই যায়। পিছত কোনোবা দুৰ্বৃত্তই ট্ৰাকখন জ্বলাই দিয়ে। ইয়াৰ পিছতে ষ্টেচনৰ সুৰক্ষাৰ দায়িত্বত থকা অৰ্দ্ধ-সামৰিক বাহিনীয়ে লাঠিচালনা আৰু গুলীবৰ্ষণ কৰে। অৰ্দ্ধ-সামৰিক বাহিনীৰ গুলিচালনাৰ ফলত মুঠ ১১জন লোকৰ মৃত্যু হৈছিল। তেওঁলোক আছিল- কানাইলাল নিয়োগী, চন্দীচৰণ সূত্ৰধৰ, হিতেশ বিশ্বাস, সত্যেন্দ্ৰ দেৱ, কুমুদ ৰঞ্জন দাস, সুনীল সৰকাৰ, শচীন্দ্ৰ চন্দ্ৰ পাল, বীৰেন্দ্ৰ সূত্ৰ্ধৰ, সুকমল পুৰকায়স্থ আৰু কমলা ভট্টচাৰ্য্য।
গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত বৰাক উপত্যকাৰ ৬জন বিধায়কে পদত্যাগ কৰে। সংঘাত প্ৰশমন কৰিবলৈ তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে এক শান্তি সূত্ৰৰ প্ৰস্তাৱ দিয়ে। কিন্তু সংগ্ৰাম পৰিষদে শাস্ত্ৰীৰ সূত্ৰ অগ্ৰাহ্য কৰে। অন্যহাতে অনা-বঙালী মুছলমান, মণিপুৰী আৰু খিলঞ্জীয়া কাছাৰীৰে গঠিত শান্তি সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত স্মাৰক-পত্ৰ দি অসমীয়া ভাষাকে একমাত্ৰ চৰকাৰী ভাষা হিচাপে ৰখাৰ দাবী জনায়। অসম কেবিনেটে ২৪ চেপ্তেম্বৰ ১৯৬১-ত শাস্ত্ৰী-সূত্ৰক অনুসৰণ কৰি চৰকাৰী ভাষা আইনৰ সংশোধনী বিধেয়কৰ খচৰাত অনুমোদন জনায়। ৭ অক্টোবৰ ১৯৬১-ত এই বিধেয়ক বিধান সভাত গৃহীত হয়।
পহিলা বহাগত কি নিৰ্দেশ দিলে অসম চৰকাৰ তথা ৰাজ্যপালেঃ-
অসম চৰকাৰী ভাষা আইন, ১৯৬০ যদিও গৃহীত হৈছিল, ভিন্ন কাৰণত ইয়াক সম্পূৰ্ণকৈ কাৰ্যকৰী কৰিব পৰা নাছিল। কৰা হৈছিল তিনিবাৰকৈ সংশোধনীও। কিন্তু অসম চৰকাৰী ভাষা আইন, ১৯৬০ৰ ভিত্তিতে অসম চৰকাৰে পহিলা বহাগত এই আইনৰ কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশনা জাৰি কৰে। এই সন্দৰ্ভত ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাৰি কৰিলে অধিসূচনা।
নং-পি.এল.বি.৫৬০২১৫/৭৮ অধিসূচনাত উল্লেখ- অসম চৰকাৰী ভাষা আইন, ১৯৬০ (১৯৬০ চনৰ অসন আইন নং XXXIII) ৰ ধাৰা ৭ আৰু ৩ অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে নিম্নলিখিত নিৰ্দেশনা সমূহ প্ৰস্তুত কৰা হৈছে-
(১) সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ'ব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কার্যবাহী নির্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ'ব।
(২) বৰাক উপত্যকাৰ জিলাসমূহত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বঙালী ভাষা ব্যৱহাৰ কৰা হ'ব।
(৩) বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব।
(৪) কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়ময়াৱলী আৰু নির্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ ত্রিশ (৩০) দিনৰ ভিতৰত অসমীয়া ভাষালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব।
(৫) পুৰণি আইন, নীতি, নথিপত্রসমূহ, বিধি আৰু অধিসূচনা আদিও পর্যায়ক্রমে দুবছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰিব লাগিব। এই অনুবাদ প্রক্রিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিভাগৰ সহায়ত সম্পন্ন কৰা হ'ব।
(৬) অৱশ্যে, দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ'লে অথবা আইনী ব্যাখ্যাৰ প্রয়োজন হ'লে ইংৰাজী সংস্কৰণৰ শব্দায়নক প্রাধান্য দিয়া হ'ব।
(৭) আনহাতে, ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব।
(৮) উল্লেখিত বিষয়সমূহৰ উপৰিও, মহামান্য ন্যায়ালয়ত দাখিল কৰিবলগীয়া সকলো অনুসন্ধানৰ প্ৰতিবেদন, অনুচ্ছেদভিত্তিক মন্তব্য, নির্দেশনা, শপতনামা, চিঠিপত্র ইত্যাদিত ইংৰাজী ভাষা ব্যৱহাৰ অব্যাহত থাকিব।
(৯) যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয়ৰ আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ ব্যাখ্যাৰ বাবে, ইংৰাজী সংস্কৰণে প্রাধান্য পাব।
(১০) ইংৰাজী ভাষাৰ পৰা অসমীয়া, বঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে "অনুবাদ ভাষিনী" এপ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে, বিষয়াসকলে অনুবাদ কৰা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতর্কতা অৱলম্বন কৰিব লাগিব।
এই অধিসূচনাখন ১৫ এপ্রিল, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব (ভাস্কৰাব্দ: প্রথম বহাগ, ১৪৩২; শক যুগ: ২৫ তম চৈত্র, ১৯৪৬-৪৭)।
অসমীয়া ভাষাৰ হকে প্ৰাণ আহুতি দিয়াসকলে আজি ন্যায় পালে-
ভাষা আন্দোলনত প্ৰথমে ৰঞ্জিত বৰপূজাৰী আৰু তাৰ পাছত পৰ্যায়ক্ৰমে কেইবাজনো লোকে প্ৰাণ আহুতি দিছিল। ৰচনা হৈছিল এক ৰক্তাক্ত ইতিহাসৰ। যি উদ্দেশ্যৰে ভাষা আন্দোলন হ'ল, ৰঞ্জিত বৰপূজাৰীকে ধৰি আন বহু অসমীয়া ছহিদ হ'ল সেই উদ্দেশ্যত আজি যেন উপনীত হ'ল অসমীয়া।
বহু বাধা আৰু বহু সংশোধনীৰ বাবে এই অসম চৰকাৰী ভাষা আইন, ১৯৬০সম্পূৰ্ণকৈ কাৰ্যকৰী কৰিব পৰা নাছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। এই আইনখন পহিলা বহাগতে সম্পূৰ্ণকৈ কাৰ্যকৰী কৰি এইখন চৰকাৰে অসমীয়াক দিলে এক অনন্য মাত্ৰা। সফল হ'ল ৬৫বছৰ জোৰা এক আন্দোলন...