/asomiyapratidin/media/media_files/2025/03/03/qNsCWBG8SVyRC4rQSseg.jpg)
new ap web3 য়য়য়
ডিজিটেল সংবাদ, জামুগুৰিহাট: পুনৰ বহিঃৰাজ্যত মৃত্যুক সাৱটিলে এজন অসমীয়া যুৱকে। ঘটনাৰ স্থান তামিলনাডু।
ৰঙাপৰাৰ এজন যুৱকে কৰ্মসংস্থাপন বিচাৰি গৈছিল বহিঃৰাজ্য তামিলনাডুলৈ। নতুন চেঁচা গাঁৱৰ জন ইন্দুৱাৰ নামৰ যুৱকজনে তামিলনাডুলৈ যোৱাৰ পিছতেই হঠাৎ মৃত্যুক সাৱটি লয়। জন ইন্দুৱাৰৰ মৃত্যুক পৰিয়ালবৰ্গ আৰু স্থানীয় ৰাইজে এতিয়া সহজে ল'ব পৰা নাই।
পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান জন ইন্দুৱাৰে একেখন গাঁৱৰে এণ্টনি ধানোৱাৰৰ সৈতে যোৱা ২৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই গৈ ৰঙাপৰাৰ পৰা ৰেল যোগে তামিলনাডুলৈ বুলি যাত্ৰা কৰিছিল। কিন্তু হঠাৎ যোৱা ২৮ ফেব্ৰুৱাৰীত তামিলনাডুৰ ইৰট ৰেলৱে জংচনত ৰেল আৰক্ষীয়ে জন ইন্দুৱাৰৰ মৃতদেহ উদ্ধাৰ কৰে। সম্পুৰ্ণ সুস্থ অৱস্থাৰে ঘৰৰ পৰা ওলাই যোৱা যুৱকজনৰ কেনেকৈ মৃত্যু ঘটিল তাকে লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে জন ইন্দুৱাৰৰ পৰিয়ালবৰ্গ। মৃতদেহৰ মুখমণ্ডলত আঘাটৰ চিন প্ৰত্যক্ষ কৰি কোনো অজ্ঞাত লোকে যুৱকজনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে৷ এই ৰহস্যজনক ঘটনাটোৰ সন্দৰ্ভত এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে জন ইন্দুৱাৰৰ পৰিয়ালবৰ্গৰ লগতে স্থানীয় ৰাইজে। চৰকাৰকো ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী পৰিয়ালবৰ্গৰ।