/asomiyapratidin/media/media_files/2025/10/11/new-ap-web-5-2025-10-11-21-28-30.jpg)
ডিজিটেল সংবাদ, আইজলঃ মিজোৰামত অনুষ্ঠিত হোৱা নৱম NESKFI নৰ্থ ইষ্ট কাৰাটে চেম্পিয়নশ্বিপ-২০২৫ ত অসম দলটোৱে ৩৪ টা সোণ, ১০ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ৫৬ টা পদক লাভেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে।
১১ অক্টোবৰ শনিবাৰে আইজলৰ আৰ ডেংথুৱামা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যই অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত অসমৰ মুঠ ৭০ গৰাকী খেলুৱৈয়ে বিভিন্ন বয়স আৰু ওজন শাখাত কাটা আৰু কুমিটে দুয়োটা বিভাগতে অংশগ্ৰহণ কৰি এই ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে। কাটা শাখাত সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে ছাইমা ভেলিনা ডেকা, জেছন বড়ো, ধৃতিস্মিতা চৌধুৰী, ছাবিনা টাছনিম, নৈবেদ্য নিবেদন, ইউনিচি দাস, মানস কোঁৱৰ, অভিৰূপা কাশ্যপ, হৰিপ্ৰিয়া দিহিঙ্গীয়া। ৰূপৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে কৃষ্ণাক্ষী ভট্টাচাৰ্য্য, কান্নান ৰাজ চৌধুৰী আৰু গীত গুঞ্জন দাস। ব্ৰঞ্জৰ পদক লাভ কৰে তক্ষীল মজুমদাৰ আৰু আৰিয়ান শৰ্মাই।
আনহাতে, কুমিটে শাখাত সোণৰ পদক লাভ কৰে ক্ৰমে গীতাঞ্জলি নাথ, সাগৰ কলিতা, মুগ্ধা বৰুৱা, বিনীতা দেবী, নাহাট হুছেইন, হিমাক্ষী হাজৰিকা সোণোৱাল, কাব্যনীল ফুকন, বৰণ্যা ভ্ৰমিক, কৃষি জালান, ছবিৰা টাছনিম, মানৱ বৈশ্য, দ্বীপৰাজ সোণোৱাল, অভিক গোহাঁই, প্ৰিয়াংশু দত্ত, সঞ্জনি ধৰ, গুঞ্জন কলিতা, বিদিশা ছেত্ৰী, মৌচুমী নাথ, হিয়ামণি টেৰণপি, জিজ্ঞাসী শৰ্মা, জোনাক নিবিৰ হাজৰিকা, ৰাইমু বসুমতাৰী, ৰিয়াঞ্চিকা চেতিয়া, গুড্ডী তাঁতী। ৰূপৰ পদক লাভ কৰে ক্ৰমে ভৃগু চহৰীয়া, দৰ্শন জ্যোতি ভূঞা, চায়ন ৰয়, সোণমণি ৰাভা, জেছিকা শৰ্মা আৰু অবিনাশ পাঠকে। ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে গীত গুঞ্জন দাস, কৌশিক কিশোৰ পাঠক, আৰিয়ান শৰ্মা, তীৰ্থাংকৰ বৈশ্য, মেহেক ফাৰমিন আৰু তনয়া নাথে। আনহাতে লʼৰাৰ দলীয় কুমিট শাখাত অসমে ব্ৰঞ্জ আৰু ছোৱালীৰ দলীয় কুমিটে শাখাত অসমে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, অসম তথা উত্তৰপূৰ্বাঞ্চলৰ ‘হাৰ্টথ্ৰ’ব’ জুবিন গাৰ্গৰ সোঁৱৰণত এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ ট্ৰফীৰ পৰা আৰম্ভ কৰি প্ৰতিটো মেডেল প্ৰদান কৰা হৈছে। সেই মতেই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা অসম দলটোৰ খেলুৱৈসকলেও লাভ কৰা শ্ৰেষ্ঠ দলৰ বঁটা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উছৰ্গা কৰে। তাৰোপৰি সামৰণি অনুষ্ঠানত সকলোৱে সমস্বৰে ‘মায়াবীনি’ শীৰ্ষক গীত পৰিবেশন কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্মৰ্তব্য, ৰবীন শইকীয়া ‘চীফ দ্য মিছন’ হিচাপে থকা অসম দলটোত ৭০ গৰাকী খেলুৱৈৰ উপৰিও ৮ গৰাকী প্ৰশিক্ষক, ৫ গৰাকী টীম মেনেজাৰ, ২১ গৰাকী টেকনিকেল অফিছিয়েল, এজন ফিজিঅ’ থেৰাপিষ্ট আৰু সদৌ অসম কাৰাটে সন্থাৰ প্ৰতিনিধিকে ধৰি ১১৬ গৰাকী সদস্য আছিল।
পূৰ্বেও প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা অসম দলটোৱে এইবাৰো সেই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰাৰ বাবে সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে অভিনন্দন জ্ঞাপন কৰিছে। অসমৰ খেলুৱৈসকলে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনাত সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে অভিনন্দন জ্ঞাপন কৰে।