ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা সন্মানিত হ'ল অসমৰ মহিলা অভিযন্তা

ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। অসমৰ অন্যতম অগ্ৰণী মহিলা অভিযন্তা মামণি বসুমতাৰীক শেহতীয়াকৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মানিত কৰে। 

author-image
Asomiya Pratidin
New Update
XZXZXZXZXX

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। অসমৰ অন্যতম অগ্ৰণী মহিলা অভিযন্তা মামণি বসুমতাৰীক শেহতীয়াকৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মানিত কৰে। 

ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড (আই অ’ চি এল)ৰ জেনেৰেল মেনেজাৰ (টেকনিকেল) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মামণি বসুমতাৰীয়ে ২০২২–২৩ বৰ্ষৰ বাবে অসাধাৰণ মহিলা নেতৃত্ব – প্ৰশংসা (নেতৃত্ব আৰু জ্যেষ্ঠ ব্যৱস্থাপনা ভূমিকাত মহিলা) শাখাত সন্মানীয় SCOPE (ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ স্থায়ী সন্মিলন) বিশিষ্ট বঁটা লাভ কৰে। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মামণিয়ে তেল আৰু গেছ খণ্ডত উৎকৃষ্ট কেৰিয়াৰ গঢ়ি তুলিছে। আনহাতে, তেওঁৰ স্বামী অভিযন্তা প্ৰদীপ বসুমতাৰীয়ে বৰ্তমান নতুন দিল্লীৰ শোধনাগাৰৰ মুখ্য কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক (এম এণ্ড আই) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি ভৱন