ডিজিটেল সংবাদ,শিলচৰ: অসম চৰকাৰে প্ৰস্তুত কৰা কলেজ শিক্ষক নিযুক্তিৰ খচৰাখনত গৱেষণাক গুৰুত্বহীন কৰাৰ অভিযোগ তুলি আজিও প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশই। বুধবাৰে অসম বিশ্ব বিদ্যালয়ৰ গৱেষক সকলে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।
বিশ্ব বিদ্যালয়খনৰ শতাধিক গৱেষক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ এই খচৰা খন বাতিল কৰিবলৈ চৰকাৰক দাবী জনাইছে। গৱেষক সকলে দিন ৰাতি একাকাৰ কৰি ৫-৬ বছৰ অধ্যয়ন কৰাৰ পাছতো ডক্টৰেট ডিগ্ৰীক কোনো প্ৰাধান্য নিদি চৰকাৰে এখন অ-গ্ৰহনযোগ্য খচৰা প্ৰস্তুত কৰিছে। চৰকাৰে এই খচৰাখন বাতিল নকৰিলে ভবিষ্যতে তীব্ৰ আন্দোলন গঢ়াৰ ভাবুকি প্ৰদান কৰিছে গৱেষক সকলে।