/asomiyapratidin/media/media_files/2025/11/20/1-2025-11-20-18-35-47.jpg)
ডিজিটেল ডেস্কঃ নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে প্রথম স্থান লাভ কৰিছে। শেহতীয়াকৈ প্রকাশ হোৱা তথ্য অনুসৰি, নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্ৰত ৰাষ্ট্রীয় গড় ৪৪ দশমিক ৯-৬ৰ বিপৰীতে অসমে ৭২ দশমিক ০-৩ স্ক'ৰ লাভ কৰিছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি এই তথ্যই প্রশাসনিক সংস্কাৰ, দক্ষতা আৰু আই চি টি সংহতিৰ ক্ষেত্ৰত অসম আগবঢ়াতো প্রমাণ কৰে বুলি উল্লেখ কৰিছে। তদুপৰি ক্ষীপ্ত, ন্যায্য আৰু অধিক কার্যক্ষম ন্যায় প্রদান ব্যৱস্থাৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাক শেহতীয়া তথ্যই প্রতিফলিত কৰা বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰিছে।
উল্লেখযোগ্য যে, নতুন ফৌজদাৰী আইন ৰূপায়ণৰ ক্ষেত্রত অসম শীর্ষ স্থানত থকাৰ বিপৰীতে ৬২ দশমিক ৭-৯ স্ক'ৰেৰে হাবিয়ানা দ্বিতীয় আৰু ৬০ দশমিক ৮-৭স্ক'ৰেৰে ছিকিম তৃতীয় স্থানত আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us