/asomiyapratidin/media/media_files/2025/12/30/fsdsdsds-2025-12-30-08-17-50.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ ইণ্টাৰনেচনেল কোংফু কাউন্সিলৰৰ তত্বাৱধানত বেংগল কোংফু এছচিয়েছিনৰ দ্বাৰা পশ্চিমবংগত অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় কোংফু চেম্পিয়নশ্বীপ ২০২৫ ৰ প্ৰতিযোগিতাৰ বিভিন্ন শাখাত অসমৰ কেইবাগৰাকী প্ৰতিভামান শিশু খেলুৱৈয়ে দক্ষতাৰে সোণৰ আৰু ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ ।
বিগত ২৭ আৰু ২৮ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ দলে শ্ৰেষ্ঠ দলৰ সন্মানৰ লগতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত অসমৰ নগাঁও জিলাৰ কামপুৰৰ ৮ জন খেলুৱৈয়ে সোণ আৰু ৰূপৰ পদক লাভ কৰে। ইয়াৰে ৭০ কে জি ল'ৰাৰ শাখাত নিকু লস্কৰে ৰূপৰ পদক ,তৃপিটক ধীৰ কাশ্যপে ৯৫ কে জি শাখাত এটা সোণৰ, এটা ৰূপৰ পদক ,৭০ কে জি শাখাত খুচবু কৌৰে সোণৰ পদক ,৮০ কে জি শাখাত ৰশ্মি ভূঞায়ে সোণৰ পদক ,৬০ কে জি শাখাত মানসী কৌৰে এটা সোণৰ আৰু এটা ৰূপৰ; ৪৫ কে জি লৰাৰ শাখাত কুঞ্জনাভ লস্কৰে দুটাকৈ সোণৰ পদক , ৪০কে জি ছোৱালীৰ শাখাত অমৃতা কৌৰে সোণৰ পদক আৰু ৩৫ কে জি শাখাত প্ৰিয়াংশু পলে দুটা সোণৰ পদক লাভ কৰি নগাঁও জিলা খনৰ লগতে কামপুৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে । কামপুৰ অঞ্চলটোৰ খেলুৱৈ সকলে দেখুৱা এনে পাৰদৰ্শিতাক খেলপ্ৰেমী ৰাইজে প্ৰশংসা কৰিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us