দিল্লীৰ ছিনিয়ৰ নেশ্যনেল কেৰম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত অসম দল...

author-image
Asomiya Pratidin
New Update
দিল্লীৰ ছিনিয়ৰ নেশ্যনেল কেৰম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত অসম দল...

দিল্লীৰ ছিনিয়ৰ নেশ্যনেল কেৰম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত অসম দল

ডিজিটেল সংবাদ নগাঁও : দিল্লীত অনুষ্ঠিত হ'বলগীয়া ৫০ সংখ্যক ছিনিয়ৰ নেশ্যনেল কেৰম চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হোৱা অসম দলৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে কেৰম ফেডাৰেচনৰ সভাপতি ৰকিবুল হুছেইনে৷ নগাঁও ৰেডিয়েল ক্লাৱত শনিবাৰে আয়োজিত এক সংবাদমেল যোগে এই তালিকা প্ৰকাশ কৰে হুছেইনে৷

লগতে দলটিয়ে যাতে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্যেৰে এক প্ৰশিক্ষণ শিৱিৰৰো উদ্বোধন কৰা হয়। ৰেডিয়েল ক্লাবৰ এই অনুষ্ঠানত দলটিক উষ্ম আদৰণি জনায় ৰকিবুল হুছেইনে৷

দিল্লীৰ এই প্ৰতিযোগিতালৈ নিৰ্বাচিত দলটিত আছে পুৰুষ শাখাত যুগল কিশোৰ দত্ত, বিকি সিং, চনু চৌধুৰী, ৰূপম পাঠক, মজিবুৰ ৰহমান,ৰঞ্জিত বস্য আৰু মহিলা শাখাত হিমাক্ষী বস্য, ময়ুৰাক্ষী দাস, তাছনিম বেগম, শৰ্মিলা বৰা, যামিন জান্নত, বন্দনা বৰুৱা।

assam senior national carrom championship