/asomiyapratidin/media/media_files/2025/09/05/debajit-ghosh-05-2025-09-05-13-17-15.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ ৩৪ বছৰীয়া শিক্ষক দেৱজিৎ ঘোষে ২০২৫ চনৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত ৪৫ গৰাকী শিক্ষকৰ মাজত স্থান লাভ কৰিছে। ডিব্ৰুগড়ৰ নামছাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ হিচাপে তেওঁ দৈনিক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বোকাময় আৰু হাতী অহা-যোৱা কৰা পথৰ মাজেৰে ১৫০ কিলোমিটাৰ যাত্ৰা কৰিছিল।
ঘোষে ২৬৭ জন বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীক স্কুললৈ ঘূৰাই অনাৰ লগতে, ছাত্ৰ-ছাত্ৰীৰ হিম’গ্লবিনৰ মাত্ৰা উন্নত কৰা, আৰু দশম শ্ৰেণীৰ বহুত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা দিয়াত সহায় কৰিছে। যাতায়তৰ অসুবিধাৰ মাজতো তেওঁ কিয় দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এই অনগ্ৰসৰ অঞ্চলতে থাকি শিক্ষকতাৰ সেৱা আগবঢ়োৱা বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “মই ইয়াত নাথাকিলে নামছাং চাহ বাগিচা আদৰ্শ স্কুলৰ উন্নয়নমূলক কাম সম্পন্ন কৰাটো সম্ভৱ নহ’ব।
তেওঁ তকয়, মই নিয়মিতভাৱে অফিচলৈ নথি-পত্ৰ পঠিয়াব লাগে, আৰু মোৰ পত্নীয়েও ডিব্ৰুগড়ত কাম কৰে। যিহেতু বিদ্যালয়ললৈ অহাৰ বাবে ৰাজহুৱা যাতায়ত ব্যৱস্থা নাই সেয়ে মই মোৰ বানহত আন দুজন শিক্ষককো লৈ আনো।
২০২২ চনত স্থাপিত নামছাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত বিদ্যালয় আৰু চাহ বাগিচাৰ শিশুসকলক শিক্ষাৰ আলোকেৰে আলোকিত কৰা ক্ষেত্ৰত তেওঁৰ পদক্ষেপ অতি আদৰণীয়।
তেওঁৰ প্ৰয়াসৰ বাবেই প্ৰথমবাৰৰ বাবে এই চাহ বাগিচাৰ শিক্ষাৰ পৰা বঞ্চিত বহু শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষাৰ সুবিধা লাভ কৰিছে। শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা এনে সেৱাৰ মাজতেই ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে তেওঁক উৎফুল্লতা কৰি তুলিছে।
তেওঁ কয়, এই প্ৰাপ্তি কেৱল মোৰ ব্যক্তিগত সফলতা নহয়। ই হৈছে আমাৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু সহকৰ্মী শিক্ষকসকলৰ পৰিশ্ৰমৰ ফল। এই সন্মানৰ জৰিয়তে মই আৰু অধিক উৎসাহিত হৈছো শিক্ষাৰ্থীসকলক উৎকৃষ্ট শিক্ষা প্ৰদান আৰু বিদ্যালয় পৰিৱেশ উন্নত কৰাৰ বাবে প্ৰেৰণা লাভ কৰিছো।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us