মাদলৰ তালে তালে ঝুমুৰ নাচি মথুৰাপুৰত কৰম পৰৱ পালন...

কৰম উৎসৱ অসমৰ আদিবাসী চাহ জনগোষ্ঠীসকলৰ এক সাৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
মাদলৰ তালে তালে ঝুমুৰ নাচি মথুৰাপুৰত  কৰম পৰৱ পালন...

Karam parab

ডিজিটেল সংবাদ,মথুৰাপুৰঃ ভাদ মাহৰ শেষৰ দিনটোত চৰাইদেউ জিলাৰ মথুৰাপুৰৰ উদয়পুৰত এদিনীয়া কাৰ্যসূচীৰে কৰম উৎসৱ পালন কৰে।

Advertisment

আদিবাসী সুৰক্ষা সমিতি অসম , উদয়পুৰ প্ৰাথমিক সমিতি ,উদয়পুৰ আৰু মথুৰাপুৰবাসী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক মুকলি কৰম উৎসৱ অনুষ্ঠিত কৰা হয়।উল্লেখ্য যে ভাদ মাহৰ কাশীফুল অৰ্থাৎ কঁহুৱা ফুলাৰ বতৰত উদযাপন কৰা হয় কৰম পৰৱ।

কৰম পৰৱ হৈছে আদিবাসী জনগোষ্ঠীৰ এক অন্যতম জাতীয় কৃষ্টি। কৰম পৰৱ উপলক্ষে ওৰেনিশা মাদলৰ তালে তালে ঝুমুৰ নৃত্যত ডেকা গাভৰু সকল মতলীয়া হৈ পৰে।

কৰম উৎসৱ অসমৰ আদিবাসী চাহ জনগোষ্ঠীসকলৰ এক সাৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্যপূৰ্ণ অনুষ্ঠান। ই এক কৃষি ভিত্তিক উৎসৱ । কৃষি কাৰ্মত যাতে উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে কৰম পৰৱ পালন কৰা হয়।

কৰম পৰৱত ঝুমুৰ গীত- নৃত্যৰ বিশেষ ভূমিকা আছে। অন্যহাতে কৰম উৎসৱৰ লগত সংগতি ৰাখি আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়া বগাধৰ উৰাংৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

উক্ত সভাত নিদিষ্ট বক্তাৰ ভাষণ ডাঙি ধৰে অসম আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় প্ৰাক্তন সভাপতি বলদেৱ তেলিয়ে । তাৰোপৰি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

assam