ডিজিটেল সংবাদ, বৰবৰুৱা : অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সংস্থাৰ সহযোগত ২০২৪-২০২৫বৰ্ষৰ দ্বিতীয় বাৰ্ষিক অসম টি গ'ল্ডেন কাপ সদৌ অসম আন্তঃ চাহবাগিচা মহিলা ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। প্ৰতিযোগিতাখন ২৩ৰ পৰা ২৬জানুৱাৰীলৈ ডিব্ৰুগড় জিলাৰ কেইবাঠাইত অনুষ্ঠিত কৰা হ’ব।
আয়োজক সমিতিয়ে জনোৱা অনুসৰি জিলাখনৰ লেপেটকটা, মেঘা, গৰুধৰীয়া, জকাই, কোটোহা খোৱাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন। ডিব্ৰুগড়ৰ বৰবৰুৱাৰ লেপেটকটা চাহবাগিচা খেলপথাৰৰ ক্ৰীড়া প্ৰকল্পত আয়োজক সমিতিয়ে প্ৰতিযোগিতাৰ থিম চং, জাৰ্চি, ট্ৰ'ফী আৰু প্ৰচাৰ পত্ৰিকা উন্মোচন কৰে।
উদ্যোক্তাসকলে এক সংবাদমেল আয়োজন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ ১২ খন চাহবাগিচাৰ মহিলা ফুটবল দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া ফুটবল প্ৰতিযোগিতা তথা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সন্দৰ্ভত কেতবোৰ কথা প্ৰকাশ কৰে। সংবাদমেলৰ আৰম্ভণিতে আয়োজক সমিতিয়ে লাই খুঁটা স্থাপন কৰে।
উল্লেখযোগ্য যে আয়োজক সমিতিৰ সভাপতি তথা ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় সংবাদমেলখন। আনহাতে আয়োজক সমিতিৰ হৈ অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক ৰাজেশ বদন নায়কে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।
অসমৰ চাহ জনগোষ্ঠী আৰু আদিবাসী মহিলাসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এই প্ৰতিযোগিতাখনে উল্লেখনীয় বৰঙণি যোগাবলৈ সক্ষম হৈছে বুলি ৰাজেশ বদন নায়কে প্ৰকাশ কৰে।