প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক কাম-কাজ ক্ষিপ্ৰতৰ কৰি তোলাৰ লগতে জিলাসমূহৰ কৰ্মকৰ্তাসকলক নিৰ্বাচনৰ বাবে তৎপৰ কৰি তুলিছে।

author-image
Asomiya Pratidin
New Update
98

ডিজিটেল সংবাদ, গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলৰ সাংগঠনিক কাম-কাজ ক্ষিপ্ৰতৰ কৰি তোলাৰ লগতে জিলাসমূহৰ কৰ্মকৰ্তাসকলক নিৰ্বাচনৰ বাবে তৎপৰ কৰি তুলিছে। এই অনুযায়ী অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসমৰ বাবে গঠন কৰি দিয়া স্ক্ৰিণিং কমিটিৰ বৈঠক আৰু পৰ্যালোচনা আৰম্ভ হ’ব।

স্ক্ৰিণিং কমিটিৰ সদস্য সাংসদ সপ্তগিৰি শংকৰ উলাকা, সাংসদ ইমৰাণ মাছুদ আৰু শ্ৰীবেল্লা প্ৰসাদে লখিমপুৰ আৰু উজনি অসমৰ পৰা পৰ্যায়ক্ৰমে তৎপৰতা আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। আনহাতে, ১২ ফেব্ৰুৱাৰীত বিশ্বনাথ জিলাৰ বিহালীত অসম প্ৰথম কংগ্ৰেছ কমিটীৰ প্ৰথমগৰাকী সভাপতি ছবিলাল উপাধ্যায়ৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হ’ব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কাইলৈ দিনৰ ১১ বজাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 

অসম প্ৰদেশ কংগ্ৰেছ