কংগ্রেছে কোম্পানীক দিয়া মাটিৰ মালিকীস্বত্ব বিজেপি চৰকাৰে শ্ৰমিকৰ হাতত তুলি দিব : ৰাজ্যিক বিজেপি

দলৰ দুগৰাকী মুখপাত্র কিশোৰ কুমাৰ ভট্টাচাৰ্য্য আৰু কল্যান গগৈৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত দলৰ মুখপাত্র শর্মাই এই মন্তব্য প্রদান কৰে

author-image
Asomiya Pratidin
New Update
26

ডিজিটেল সংবাদ, গুৱাহাটী : "বহুজাতিক চাহ কোম্পানীৰ মালিক পক্ষই দীর্ঘসময় ধৰি দখল কৰি ৰখা হাজাৰ হাজাৰ বিঘা মাটিৰ মালিকীস্বত্ব শ্রমিকসকলৰ হাতত তুলি দিয়াৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তই সমগ্ৰ অসমৰ গ্রামীণ অর্থনীতি আৰু সমাজিক ব্যৱস্থাক সৱল কৰি তোলাত এক বিশাল অৰিহণা আগবঢ়াব। 

অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিধেয়ক উত্থাপন কৰি আইন প্ৰস্তুত কৰাৰ জৰিয়তে অসমৰ লাখ লাখ চাহ শ্রমিকক মাটিৰ অধিকাৰ দিয়া হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পিছতেই জনগোষ্ঠীটোৰ মাজত এক ইতিবাচক সামাজিক উত্তৰণৰ পথ প্রশস্ত হৈ পৰিছে"। এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। 

দলৰ দুগৰাকী মুখপাত্র কিশোৰ কুমাৰ ভট্টাচাৰ্য্য আৰু কল্যান গগৈৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত দলৰ মুখপাত্র শর্মাই এই মন্তব্য প্রদান কৰে। লগতে কয় যে- "কংগ্ৰেছৰ আমোলত লাখ লাখ বিঘা মাটি বহুজাতিক কোম্পানীৰ মালিক পক্ষক পানীৰ দৰত ৯৯ বছৰৰ বাবে লীজত দি শ্রমিক সকলক ভূমিহীন কৰি ৰখা হৈছিল। কিন্তু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মালিক পক্ষই এনেদৰে দখল কৰি ৰখা মাটি এতিয়া শ্রমিক সকলক প্রদান কৰিবলৈ এক ঐতিহাসিক সিদ্ধান্ত লৈছে। 

মুখ্যমন্ত্ৰীৰ এনে বলিষ্ঠ সিদ্ধান্তই চাহ জনগোষ্ঠীৰ মাজত এক ইতিবাচক জন-জাগৰণ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ এসপ্তাহ নৌহওঁতেই ২ লাখতকৈ অধিক লোকে ইতিমধ্যেই মাটিৰ অধিকাৰ বিচাৰি জিলা আযুক্ত তথা চৰকাৰে নির্দিষ্ট কৰি দিয়া ৱেবচাইটৰ জৰিয়তে আবেদন কৰিছে। 

জনসাধাৰণৰ এনে সজাগতা সঁচাকৈ এক অভূতপূর্ব ঘটনা। মুখ্যমন্ত্ৰীৰ ঘোষণাই এই বৃহৎ জনগোষ্ঠীটোক সামাজিক হীনমন্যতাৰ পৰা উলিয়াই আনি ৰাজ্যৰ উন্নয়নৰ মূল ধাৰাৰ সৈতে সংপৃক্ত কৰাত বিশেষভাবে অৰিহণা আগবঢ়াব।"

bjp