/asomiyapratidin/media/media_files/2025/08/25/cricket-25-2025-08-25-20-04-55.jpg)
ডিজিটেল ডেস্কঃ নেপালৰ ছিনিয়ৰ ক্ৰিকেট দলটোৱে অহা ২৮ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম আৰু ফুলুঙৰ ক্ৰিকেট একাডেমী খেলপথাৰত অসমৰ বিৰুদ্ধে পাঁচখন টি-২০ খেলত অংশগ্ৰহণ কৰিব। আন্তৰ্জাতিক অভিজ্ঞতাসম্পন্ন দলটোৰ বিৰুদ্ধে এনে ছিৰিজে স্বাভাৱিকতে অসমৰ দলটোক সমৃদ্ধ কৰিব বুলি আশা কৰা হৈছে।
এই ছিৰিজৰ বাবে ঘোষিত অসমৰ দলটোত আছে সুমিত ঘাদিগাওকাৰ (অধিনায়ক, উইকেটকীপাৰ), শিৱশংকৰ ৰয়, চাহিল জৈন, সৌৰভ মৌচুম দিহিঙীয়া, বিশাল সাহা, নিহাৰ ডেকা, ৰুহিনন্দন পেগু (উইকেটকীপাৰ), হৃষিকেশ তামুলী (উইকেটকীপাৰ), ৰোহিত মিহিৰ সেন (উইকেটকীপাৰ), আকাশ সেনগুপ্ত, আয়ুষ্মান মালাকাৰ, আব্দুল আজিজ কুৰেচী, সুমিত কাশ্যপ, মৃণ্ময় দত্ত, অভিনৱ চৌধুৰী, অভিলাষ গগৈ, হিমাংশু সাৰস্বত, ছাদেক হুছেইন, ভাৰ্গব প্ৰতিম লহকৰ আৰু ৰাজ আগৰৱালা।
দলটোৰ লগত সহায়ক ষ্টাফত মুখ্য প্ৰশিক্ষক হিচাপে আছে অবিনাশ আনন্দ প্ৰকাশ, প্ৰশিক্ষক আৰ.কে. যাদৱ, ফিজিঅ’ ভীষ্ম প্ৰতাপ সিং, ট্ৰেইনাৰ নৱজিৎ কৌশিক আৰু ভিডিঅ’ বিশ্লেষক ৰাজেশ শৰ্মা। এই ছিৰিজৰ প্ৰথম আৰু দ্বিতীয়খন মেচ ২৮ আগষ্ট আৰু ২৯ আগষ্টত দিনৰ ১১ বজাৰ পৰা এচিএ ক্ৰিকেট একাডেমী, ফুলঙত অনুষ্ঠিত হ’ব।
বাকী তিনিওখন মেচ ৩০ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব।
আগন্তুক এক্সপোজাৰ ট্যুৰ
আনহাতে নেপালৰ বিৰুদ্ধে এই ছিৰিজৰ পিছতেই অসমৰ ছিনিয়ৰ পুৰুষৰ দলটোৱে কৰ্ণাটকত ৪ ছেপ্টেম্বৰৰ পৰা হ’বলগীয়া সন্মানীয় কে এছ ডি চি ডঃ ( কেপ্টেইন ) কে থিম্মাপ্পাইয়া মেমোৰিয়েল ক্ৰিকিট প্ৰতিযোগিতাত ভাগ ল’ব। ৰিয়ান পৰাগৰ নেতৃত্বৰ অসম দলটোৱে তাত লীগ পৰ্যায়ত গুজৰাট, কৰ্ণাটক আৰু বৰোদাৰ বিৰুদ্ধে খেলিব।
ইয়াৰ পিছত ছিনিয়ৰ পুৰুষ দলে ২০২৫ চনৰ ২৫–২৯ ছেপ্টেম্বৰত বাডোদৰাত হ’বলগীয়া তিনিখন টি-২০ প্ৰতিযোগিতাত সৌৰাষ্ট্ৰ, গুজৰাট আৰু বৰোদাৰ বিৰুদ্ধে খেলিব। এই ক্ৰমাগত প্ৰতিযোগিতা তথা খেলবোৰে স্বাভাৱিকতে বিভিন্ন খেলৰ পৰিস্থিতিত কৌশলগতভাৱে দলটোক গুৰুত্বপূৰ্ণ এক্সপ’জাৰ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
এচিএ চেলেঞ্জাৰ ট্ৰফীৰ ফাইনেল
ইফালে, যোৱা ২৫ আগষ্টত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত হোৱা এ চি এ চেলেঞ্জাৰ ট্ৰফীৰ ফাইনেলত দিহিং পাটকাই ৰাইডাৰ্ছক ১৬ ৰাণত পৰাস্ত কৰি কাজিৰঙা হিৰ’জ চেম্পিয়ন হৈছে। প্ৰথমে বেটিং কৰি কাজিৰঙা হিৰ’জে ৫০ অভাৰত ৭ উইকেটত ২৪৭ ৰাণ সংগ্ৰহ কৰে।
ইয়াৰ প্ৰত্যুত্তৰত দিহিং পাটকাই ৰাইডাৰ্ছে সাহসেৰে যুঁজিছিল যদিও ৫০ অভাৰত ৯ উইকেট হেৰুৱাই মাত্ৰ ২৩১ ৰাণতে সীমাবদ্ধ হৈ ৰয়। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us