ডিজিটেল ডেস্কঃ ৭মাহৰ অন্তত আজিৰে পৰা খোলা হব শিক্ষানুষ্ঠানসমূহ। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এইসময়ত মানিবলগীয়া নীতি-নিয়মসমূহ সম্বলিত এক নিৰ্দেশ জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনা ৰাজ্যৰ বেচৰকাৰী আৰু কচিং চেন্টাৰসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হব।
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি প্ৰথম মান শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰা পৰ্যন্ত বন্ধ থাকিব। ইয়াৰ বাহিৰে ষষ্ঠ, সপ্তম, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হব সপ্তাহটোৰ তিনিদিনত। সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান হব এই শিক্ষাৰ্থীসকলৰ।
দিনটোৰ দুটাকৈ চিফটত পাঠদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই নিৰ্দেশনাত। প্ৰথমটো বেট্ছ আৰম্ভ হব পুৱা ৮বজাৰ পৰা দুপৰীয়া ১২বজালৈ। আৰু দ্বিতীয়টো বেট্ছৰ পাঠদান আৰম্ভ হব দুুপৰীয়া ১২.৩০বজাৰ পৰা পাচবেলা ৩.৩০বজালৈ। দুয়োটা বেট্ছক মধ্যাহ্ন ভোজন কেতিয়া প্ৰদান কৰা হব, তাৰ সময়ো নিৰ্ধাৰণ কৰি দিছে এই নিৰ্দেশনাত।
বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ উপৰিও পৰিচালনা কমিটীৰ সকলো সদস্য আৰু ভোজনালয়ত থকা ৰান্ধনীসকলেও স্বাৱ টেষ্ট কৰাটো বাধ্যতামূলক কৰা হৈছে। মধ্যাহ্ন ভোজন প্ৰদান কৰাৰ সময়তো সৰ্তকতা পালন কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষাবিভাগে।
প্ৰতিখন শিক্ষানুষ্ঠান সপ্তাহটোত এবাৰকৈ(দেওবাৰে) চেনিটাইজাৰ কৰাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। স্থানীয় প্ৰশাসনৰ সৈতে মিলি এই চেনিটাইশ্যেচন প্ৰক্ৰিয়া সমাপন কৰিবলৈ কোৱা হৈছে নিৰ্দেশনাত। এনেকৈ কোৰোনাৰ পৰা বাচি থাকিবলৈ ১৫ পৃষ্ঠাজোৰা এক নিৰ্দেশনা পত্ৰ জাৰি কৰিছে শিক্ষা বিভাগে।