/asomiyapratidin/media/media_files/2026/02/15/136-2026-02-15-21-42-07.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক-গৱেষক-অভিনেতা তৰেণ চন্দ্ৰ বড়োৰ অন্তিম যাত্ৰাৰ উপলক্ষে দেওবাৰে অসম সাহিত্য সভাই গুৱাহাটীস্থিত ভগৱতীপ্রসাদ বৰুৱা ভৱনত এক মর্যাদাপূর্ণ শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। তেখেতৰ নশ্বৰ দেহ সভাৰ ভৱনলৈ নিমন্ত্ৰণ কৰি আনি অসম সাহিত্য সভাই গভীৰ সন্মান জনায় আৰু সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত তেখেতৰ অনন্য অৱদানক কৃতজ্ঞতাৰে সোঁৱৰণ কৰে।
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাৰ সকলো কর্মকর্তাৰ হৈ তৰেণ চন্দ্ৰ বড়োৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰে। তেওঁ ভাষণ প্রসংগত কয়- তৰেণ চন্দ্ৰ বড়োৱে বৃহত্তৰ অসমীয়া জাতি গঠনৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতৰ আধৰুৱা কামখিনি বড়ো সাহিত্য সভাৰ সৈতে সম্মিলিতভাৱে সম্পন্ন কৰিবৰ বাবে অসম সাহিত্য সভা দায়বদ্ধ।
এই ক্ষেত্রত অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই সম্মিলিতভাবে কাম কৰি যোৱাৰ বাবে অংগীকাৰবদ্ধ হ'ব। এই অনুষ্ঠানত বড়ো সাহিত্য সভাৰ উপ সভাপতি প্রশান্ত বড়োবে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ প্ৰতি অসম সাহিত্য সভাই দেখুওৱা এই শ্রদ্ধা আদৰণীয় আৰু প্রশংসনীয় বুলি মন্তব্য কৰে।
অসম সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা প্রয়োগ উপসমিতিৰ কাৰ্যকৰী সভাপতি দেবেন চন্দ্র বসুমতাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত তেওঁ লগতে কয়- তৰেণ বড়োৰ প্রতি কৰা এই সন্মানে ভৱিষ্যত দিনসমূহত বড়ো সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ মাজত সম্প্ৰীতিৰ এনাজৰী অধিক সবল কৰিলে।
এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত অসম সাহিত্য সভাৰ বিভিন্ন শাখা সভা আৰু জিলা সভাৰ কৰ্মকর্তাসকলৰ উপৰিও মূল সভাৰ বিষয়ববীয়াসকলৰ মৰ্যাদাপূর্ণ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক তাৎপর্যপূর্ণ কৰি তোলে। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী মিহিৰ কুমাৰ বৰুৱা, পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবর্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, তথ্য প্রযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, বিশেষভাৱে আমন্ত্রিত সদস্য ৰত্নেশ্বৰ বসুমতাৰী, বড়ো লেখক সমাজৰ সভাপতি ৰাজেন বসুমতাৰী, সম্পাদক ৰাজেন বসুমতাৰী, বিশিষ্ট সমাজকর্মী নগেন বড়ো, বিশিষ্ট লেখিকা কৰবী খেৰকটাই বড়োৰ লগতে তৰেণ বড়োৰ পৰিয়ালবৰ্গও উপস্থিত থাকে।
তৰেণ চন্দ্ৰ বড়োৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি অসম সাহিত্য সভাৰ যোৰহাট কেন্দ্ৰীয় কার্যালয়কে ধৰি ১০টা কার্যালয়ত দিনটোৰ বাবে পতাকা অর্ধনমিত কৰি শোক প্ৰকাশ কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us