/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a717aeca-d72f-4475-89f9-010152217e02/6.jpg)
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ২০ জুলাইত যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৬ তম বাৰ্ষিক অধিৱেশনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান উদযাপন কৰা হয়। লণ্ডন চহৰৰ কিংছ লেঙলী হলত আয়োজিত অনুষ্ঠানৰ আৰম্ভনিতে চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতটিৰে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলনত ভাগ লয় বিশিষ্ট অতিথি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ অমৰজ্যোতি চৌধুৰী, পণ্ডিত সুকুমাৰ বৰঠাকুৰ,কন্ঠশিল্পী ডঃ সংগীতা কাকতি আৰু উপস্থিত প্ৰৱাসী অসমীয়া সকলে।
সভাৰ আৰম্ভণিতে যুক্তৰাজ্য অসম সাহিত্য সভাৰ কৰ্ণধাৰ সভাপতি শ্ৰীযুত ভুৱন বৰুৱা, শ্ৰীমতী জীৱন কুমাৰী বৰুৱা দেৱী আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্য হাজৰিকা দেৱৰ শুভেচ্ছা বাণী পাঠ কৰে।এই সভাত নৱগঠিত কাৰ্য্যকৰী কমিটিৰ সদস্যবৃন্দই শপত গ্ৰহণ কৰা লগতে শ্ৰীমতী গীতা বৰুৱাই সভাপতি পদৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে। মুখ্য অতিথিৰ আসন শুৱনি কৰা ড০ অমৰজ্যোতি চৌধুৰীক এখন ফুলাম গামোছাৰে আদৰণি জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/771b14f7-d637-4ef1-a576-34f3b10a10d0/591117a7-53b9-4081-b49a-cd2c2a6651a7.jpg)
বিগত (২০১৭-২০২৪) অসম সাহিত্য সভা যুক্তৰাজ্য শাখাৰ সভাপতি তাৰ আগতে ১৫ বছৰ সম্পাদিকা হিচাবে থকা মঞ্জিৰা চৌধুৰীয়ে তেখেতৰ বিদায় ভাষন প্ৰদান কৰে। তেওঁ কয় যে, যুক্তৰাজ্য অসম সাহিত্য সভাৰ জন্ম বৃত্তান্ত সুঁৱৰি কেনেকৈ সোঁতৰ বিপৰীতে সাতুৰি এই পৰ্যায় পোৱা সঁচাকৈয়ে গৌৰৱৰ কথা।
তেওঁ দেশে বিদেশে থকা সকলো অসমীয়াকে অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আহ্বান জনায়। তেওঁ আৰু উল্লেখ কৰে যে এখন ৰাজ্য আৰু জাতি কেইখনমান গাড়ী, ডাঙৰ ঘৰ, উৰণ সেঁতু আৰু ৰাজনৈতিক স্বাৰ্থপৰতাৰে স্বচ্ছল নহয়, আৰ্থিক স্বচ্ছলতা,ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সাধনাৰেহে এখন দেশ স্বচ্ছল আৰু গৌৰৱান্বিত হয়। ইয়াৰ বাবে সকলোৱে দ্বায়বদ্ধতাৰে কৰ্মৰত হ'লেহে অসমৰ পুৰণি গৌৰৱ ঘূৰি আহিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/809af83a-7665-48b3-b0f9-fea6440daf11/01ac85fa-bb14-49ba-bd2b-0611d7798e1d.jpg)
শ্ৰীমতী গীতা বৰুৱাই তেখেতৰ সভানেত্ৰীৰ পদত শপত গ্ৰহণ কৰাৰ পিচত প্ৰথম ভাষণত সকলোকে অনুৰোধ কৰে যে আগলৈ যাতে অসম সাহিত্য সভাৰ প্ৰতিটো কামকে নিয়াৰীকৈ শ্ৰদ্ধাসহ অসমীয়া ভাষা সংস্কৃতিৰ কল্যানৰ হকে কাম কৰিব পাৰে ।
ড০ চৌধুৰীয়ে তেখেতৰ ভাষনত কয় যে, সাত সাগৰ তেৰ নদীৰ সিপাৰত অসমীয়া ভাষা সংস্কৃতিৰ কল্যানৰ বাবে বিগত ২৫ বছৰে অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই লানি নিচিঙাকৈ কৰি আহিছে আৰু আগলৈকে কৰি থাকিব বুলি বিশ্বাস আছে । তেখেতে অসমীয়া ইতিবাচক বক্তৃতা ৰখাৰ লগতে ডঃ ভূপেন হাজৰিকাৰদেৱৰ মৃত্যৃত লিখা কবিতাৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।পণ্ডিত সুকুমাৰ বৰঠাকুৰদেৱে ও এক চমু ভাষণৰ মাজেৰে যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৫ বছৰীয়া কাৰ্য্যাৱলীৰ শলাগ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a356ab98-efdc-4085-875b-a6c7b22a9720/9d702295-c441-4213-b40a-9879c1285f1f.jpg)
সাংস্কৃতিক সন্ধিয়া মুকলি কৰে থলুৱা শিল্পীৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতেৰে। বিশিষ্ট গায়িকা ড০ সঙ্গীতা কাকতিৰ সুকন্যা আনৌস্কাৰ ৰজা ঘৰীয়া ছালি নৃত্য আৰু ড০ সঙ্গীতা কাকতিৰ কোকিল কণ্ঠৰ ন পুৰণি গীতৰ সমাৰোহে সকলো শ্ৰোতাৰ মন আকৃষ্ট কৰে। যুক্তৰাজ্য অসম সাহিত্য সভাই অসমীয়া কৃষ্টি সংস্কৃতিক নৱ প্ৰজন্মৰ মাজত জীপাল কৰি ৰখাৰ অভিপ্ৰায়ৰে কণ কণ মাইনা ঊৰ্বি শৰ্মা,দিত্যগাথা ৰাজখোৱা ও অৰিহন গীত-কবিতা আদিক উৎসাহিত কৰে।
নিলাক্ষী দলে,ময়ুৰাক্ষী,বহনাৰ নৃত্য আৰু মীৰা দত্ত, নিৰলা বৰুৱা আৰু অংগুৰ শইকীয়াৰ স্বৰচিত কবিতাৰ লগতে অঞ্জীৱ ৰাজখোৱাই স্বৰচিত গীতেৰে সকলোকে আৰ্কষিত কৰে। সাংস্কৃতিক সন্ধিয়াৰ আঁত ধৰে সাংস্কৃতিক সম্পাদিকা গীতোৎপলা বৰদলৈয়ে। চিত্ৰশিল্পী ৰূপম বৰঠাকুৰৰ চিত্ৰাঙ্কন কৰ্মশালা আছিল এই সভাৰ মুখ্য আৰ্কষণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/59061928-1d08-48fe-8b13-9857ce7b3605/da8583ad-87c0-49c3-a35b-cf75621eeb1a.jpg)
অনুষ্ঠানৰ শেষত বিগত বছৰবোৰত একেধাৰে সাহিত্য সভাৰ কাৰ্য্যৰ লগত সমৰ্পিত সদস্য সকলক এক স্মাৰক প্ৰদান কৰি সন্মান জনায়। শলাগৰ শৰাই আগবঢ়ায় সম্পাদিকা জাহ্নৱী গগৈয়ে। অসমীয়া জা-জলপান আৰু নৈশ আহাৰ উপভোগ কৰাৰ লগতে মনৰ হেপাহেৰ মনৰ ভাৱ আদান প্ৰদান কৰাৰ সুযোগ লয় যুক্তৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰৱাসী অসমীয়াই ।