অসম সাহিত্য সভা, নয়দা শাখাৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত

অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা ৰূপে স্বীকৃতি লাভ কৰা এই নয়ডা শাখাৰ উদ্যোগত " হিন্দন" শীৰ্ষক এখন আলোচনীও প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নয়দাত প্ৰবাসী অসমীয়া ৰাইজৰ উদ্যোগত গঠন কৰা " অসম সাহিত্য সভা, নয়দা শাখাৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় ৷ অসম সাহিত্য সভাৰ স্বৰ্ণ শাখা ৰূপে স্বীকৃতি লাভ কৰা এই নয়ডা শাখাৰ উদ্যোগত " হিন্দন" শীৰ্ষক এখন আলোচনীও প্ৰকাশ কৰে।

উল্লেখ্য যে, অধিৱেশনত শতাধিক সাহিত্যপ্ৰেমী ৰাইজে নয়দাত অসমীয়া ভাষাৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে অসম সাহিত্য সভাৰ নয়দা  শাখাই লোৱা প্ৰয়াসৰ শলাগ লয়। ইপিনে অসম সাহিত্য সভা নয়দা শাখাৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই অসম সাহিত্য সভাৰ নয়দা শাখাৰ প্ৰতি নয়দাবাসী অসমীয়া ৰাইজে আগবঢ়োৱা সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

নয়দা