কাব্যনীল তালুকদাৰ-ইন্দ্ৰনীল তালুকদাৰক অসম সাহিত্য সভাৰ অভিনন্দন

এই মহাসম্মিলনত উজলি উঠিল আখৰ এ আই। ইয়াৰ ঘাই উদগাতা কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰ।

author-image
Asomiya Pratidin
New Update
KJFSDJF

ডিজিটেল সংবাদ, গুৱাহাটীঃ নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত কৃত্রিম বুদ্ধিমত্তা সন্মিলনত বিল গেটছ, মুকেশ আম্বানীৰ দৰে বিশ্বৰ প্রতিষ্ঠিত উদ্যোগীৰ লগতে তিনি শতাধিক উদ্যোগীৰ মহাসম্মিলন উদ্বোধন কৰে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। 

এই মহাসম্মিলনত উজলি উঠিল আখৰ এ আই। ইয়াৰ ঘাই উদগাতা কাব্যনীল তালুকদাৰ আৰু ইন্দ্ৰনীল তালুকদাৰ। সম্প্ৰতি সমগ্র বিশ্বজুৰি কৃত্রিম বুদ্ধিমত্তাৰ মহাবিপ্লৱৰ একোজন নায়ক এই দুই নতুন প্রজন্মই অসমীয়া ভাষাক বিশ্বৰ আগত পৰিচয় কৰি দিবলৈও সক্ষম হোৱাই নহয়, অসমীয়া ভাষাক পাটকাই পৰ্বতৰ উচ্চ শিখৰত সৈয়া কৰিও ৰাখিলে।

আখৰ এ আইৰ যোগেদি বক্তাই কৈ গ'লেই পর্দাত লিখিত ৰূপত সেইখিনি দেখিবলৈ পাব। এই দুয়োগৰাকী অসম সন্তানক অসম সাহিত্য সভাই কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে, সভাই ইতিমধ্যে প্ৰকাশ কৰা আৰু পাঠকৰ মাজত অধিক জনপ্ৰিয় হৈ উঠা ড° দেৱজিৎ ভূঞাৰ কৃত্রিম বুদ্ধিমত্তা গ্রন্থখনে বিপুল সঁহাৰি পাইছে। সভাই বানান পৰীক্ষকৰ কামো সম্পন্ন কৰিছে। সামাজিক মাধ্যমত সাহিত্য চর্চাৰ তিনিখন গ্রন্থও যুগুতাইছে ভাৱীকালৰ সাধক অৰিন্দম বৰকটকীৰ নেতৃত্বত নতুন প্রজন্মই।

অসম