Advertisment

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিবেশনৰ দ্বাৰ মুকলি...

৫ বিঘা মাটিত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ প্ৰথম কাৰ্যসূচী নামঘৰ আৰু মূল দ্বাৰ মুকলিৰ পাছতে আৰম্ভ হ'ব অন্য কাৰ্যসূচী সমূহ। কবি সন্মিলন,গ্ৰন্থমেলা,বিজ্ঞান মেলাৰ দ্বাৰ উন্মোচনৰ পাছতে শোভাযাত্ৰা উলিয়াব বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ddff

ডিজিটেল ডেস্কঃ আজিৰে পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিবেশন। ৩১ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছে সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিবেশনখন। 

Advertisment

ইতিমধ্যে অধিৱেশনস্থলীত উপস্থিত হৈছে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, লগতে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ৫ বিঘা মাটিত অনুষ্ঠিত এই অধিবেশনৰ প্ৰথম কাৰ্যসূচী নামঘৰ আৰু মূল দ্বাৰ মুকলিৰে পাছতে আৰম্ভ হৈছে অন্য কাৰ্যসূচী সমূহ।

কবি সন্মিলন,গ্ৰন্থমেলা,বিজ্ঞান মেলাৰ দ্বাৰ উন্মোচন কৰিব বুলি জানিব পৰা গৈছে। বিয়লি অনুষ্ঠিত হ'ব সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ। পাঠশালাৰ শিক্ষাপীঠত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ প্রতিনিধি সভা। লগতে সাহিত্য সভাতে উদযাপন কৰা হ'ব মে-ডাম-মে-ফি।

 ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতিক লৈ শোভাযাত্ৰা কৰা হ'ব । এই শোভাযাত্ৰা গীতাশ্ৰমৰ পৰা আৰম্ভ হৈ ভট্টদেৱ ক্ষেত্ৰত সামৰণি পৰিব । এই শোভাযাত্ৰাত ২০-২৫ হাজাৰ লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে ।

উল্লেখ কৰা প্ৰয়োজন যে, অসম সাহিত্য সভাৰ অধিবেশনত প্ৰথমবাৰৰ বাবে হ'ব বিজ্ঞান প্রদর্শন মেলা। লগতে সেনা বাহিনীৰ মাৰণাস্ত্ৰৰো প্রদর্শন হ'ব অধিবেশনত। ইয়াৰোপৰি ৮৭ ফুট ওখ জাপিৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্য লৈছে সাহিত্য সভা সমিতিয়ে। 

এইবাৰ সাহিত্য সভাস্থলীত ১০ হাজাৰ মানুহে একেলগে খাদ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে । অধিবেশনত তিনিখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন হ'ব। এইবেলি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান মেলাত নেপাল, ভূটান, অৰুণাচলকে ধৰি চুবুৰীয়া ৰাজ্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

অসম সাহিত্য সভা