/asomiyapratidin/media/media_files/2025/11/15/ap-web-5-2025-11-15-17-54-30.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাৰ শ্ৰীমন্ত শংকৰদেৱ ভৱনত আজি মধ্য নাগশংকৰ গাঁওপঞ্চায়তৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এখন বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত হয়।
আনফালে ইটাখোলা বনিক সন্থা আৰু বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সদস্য সকলৰ লগতে শতাধিক গ্ৰাহক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত দীৰ্ঘদিন ধৰি চলি অহা অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাৰ বিষয়া কৰ্মচাৰী সকলৰ দুৰ্ব্যৱহাৰ আৰু বিভিন্ন সমস্যা সমূহক লৈ বিষদভাৱে আলোচনা কৰা হয়।
প্ৰাণিধানযোগ্য যে অসম গ্ৰামীণ বিকাশ বেংকৰ ইটাখোলা শাখাৰ গ্ৰাহক সকলে ৰাজহুৱা সভাত বেংকৰ বিষয়া কৰ্মচাৰীৰ অসদ্ব্যৱহাৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ অভিযোগ ৰাজহুৱা সভাত উত্থাপন কৰে।
আনফালে গ্ৰাহক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ অসম গ্ৰামীণ বিকাশ বেংকৰ উৰ্দ্ধতম কতৃপক্ষক আহ্বান জনায়৷
তাৰোপৰি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে গ্ৰাহক ৰাইজৰ সহযোগত বেংকৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ব বুলিও ৰাজহুৱা সভাত সকীয়নি প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us