/asomiyapratidin/media/media_files/2025/11/18/new-ap-web-1-32-2025-11-18-17-23-28.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ অসম ৰয়েলগ্ল'বেল ইউনিভাৰ্চিটিয়ে আজি অসমৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “জুবিনৰ বিশটা গীত আৰু সাতটা প্ৰতিকৃতি”শীৰ্ষক গ্ৰন্থ উন্মোচন কৰাৰ লগতে শিল্পীগৰাকীৰ সন্মানত ছাত্ৰ বৃত্তি ঘোষণা কৰে।
উল্লেখ্য যে ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰক্ৰিয়েটিভিটিৰ তত্বাৱধানত আয়োজিত হাৰ্টথ্ৰবগৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰা হয়।
তাৰোপৰি হৃদয়স্পৰ্শী অনুষ্ঠানটোৰ শোভা বঢ়ায় আৰজিইউৰ আচাৰ্য ড°একেপানছাৰী; উপাচাৰ্য অধ্যাপক একে বুঢ়াগোহাঁই, ড০ ভূপেন হাজৰিকা চেণ্টাৰফৰক্ৰিয়েটিভিটিৰ অধ্যক্ষ অধ্যাপক অমৰজ্যোতি চৌধুৰী, দ্য আছাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক ৰামানুজ দত্ত চৌধুৰী আৰু জুবিন গাৰ্গৰ ভগ্নী ড° পামী বৰঠাকুৰৰ লগতে অন্যান্য গণ্য মান্য ব্যক্তি, অধ্যাপক,কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে।
প্ৰখ্যাত নৃত্যশিল্পী প্ৰেৰণা ভূঞাৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ লগতে আৰজিইউৰ ছাত্ৰ-ছাত্ৰীয়ে উপস্থাপন কৰা জুবিন গাৰ্গৰ চিৰসেউজ ক্লাছিক গীতৰ নষ্টালজিক মিশ্ৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰু অধিক গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। সত্যকিডি’কম ভূঞাই সম্পাদনা কৰা গ্ৰন্থখনত জুবিন গাৰ্গৰ বিশটা বিখ্যাত গীতৰ ইংৰাজী অনুবাদ কৰিছে অৰ্কুপলৰা আচাৰ্য্যই, আৰু ইয়াত সন্নিবিষ্ট কৰা হৈছে অধ্যাপক অমৰজ্যোতি চৌধুৰী, মিত্ৰাফুকন, ড০ ৰাখী কলিতা মৰাল, ড০ পামী বৰঠাকুৰ, ৰামানুজ দত্ত চৌধুৰী, বানস্মিতা দাস আৰু ৰাহুল কৰ্মকাৰৰ লিখনি।
আনফালে গ্ৰন্থখনৰ কভাৰ ডিজাইন কৰিছে মুকুমাধৱ বৈশ্যই। আনহাতে, “জুবিন: পথ, সংগীত, জীৱনৰ দৃষ্টিভংগী” শীৰ্ষক স্মৃতি গ্ৰন্থখনসম্পাদনা কৰিছে ড° প্ৰনামী ভট্টাচাৰ্যই য'ত ন জন আৰজিইউৰ অধ্যাপকৰ প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us