/asomiyapratidin/media/media_files/2025/02/13/cjiKHbWsgmsY7R3J1qMe.jpg)
ডিজিটেল সংবাদ,নতুন দিল্লীঃ নতুন দিল্লীত অসম ৰাইফলছ আৰু নৰ্থ ইষ্ট এচছিয়েচন ফৰ ছচিয়েল ৱেলফেয়াৰৰ উদ্যোগত ১৫ ফ্ৰেবুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীৰ লৈ আয়োজন হ'ব উন্নতি উৎসৱ। ২৮ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানৰ।
জানিব পৰা মতে,উন্নতি উৎসৱ উপলক্ষে আয়োজন কৰা ক্ৰীড়াত পুৰুষ আৰু মহিলা দুয়োটা শাখাতে ফুটবল, বাস্কেটবল, ভলীবল আৰু বেডমিন্টনৰ আয়োজন কৰা হৈছে। প্ৰায় ১২০০ ছাত্ৰ-ছাত্ৰীয়ে (উত্তৰ পুৱৰ ) অংশ ল'ব এই উৎসৱত ৷
উল্লেখ্য যে এই সন্দৰ্ভত আসাম ৰাইফলছৰ সঞ্চালক প্ৰধান বিকাশ লেখেৰাই সংবাদমেল সম্বোধন কৰি উন্নতি উৎসৱৰ আনুষ্ঠানিক ঘোষণা কৰে। মূলতঃ উত্তৰ-পুৱৰ পৰা ৰাজধানী দিল্লীত পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰী সকলক এক মঞ্চ দিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে আছাম ৰাইফলছো ৷