/asomiyapratidin/media/media_files/2026/03/02/ghufgfgfdtft-2026-03-02-16-07-30.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তেনে সময়চোৱাত এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে বিজেপিৰ ৬জন নেতাই। এই পৰ্যন্ত দলটোৰ হৈ মনোনয়ন সংগ্রহ কৰিছে ৰামেশ্বৰ তেলী, যোগেন মহন, তেৰছ গোৱালা, তপন গগৈ, পুলক গোহাঁই আৰু দীপ্লুৰঞ্জন শৰ্মা।
ইফালে, UPPLৰ মুৰব্বী প্রমোদ বড়োৰ নামতো মনোনয়ন পত্ৰ সংগ্রহ কৰিছে বুলি জানিব পৰা গৈছে। আনহাতে, কংগ্ৰেছ অথবা আন বিৰোধী দলৰ পৰা এই পৰ্যন্ত কোনেও মনোনয়ন পত্ৰ সংগ্ৰহ কৰা নাই।
উল্লেখযোগ্য যে, ৫ মাৰ্চ হৈছে মনোনয়ন পত্র দাখিলৰ অন্তিমটো দিন। ১৬ মাৰ্চত অসমৰ তিনিখন আসনৰ বাবে অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নির্বাচন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us