অসম পালেহি প্ৰিয়ংকা! মা কামাখ্যাত ল'লে সেৱা...

দলীয় বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অসম পালেহি প্ৰিয়ংকা গান্ধী। বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই উষ্ম আদৰণি জনায় কংগ্ৰেছ নেত্ৰীগৰাকীক। বিমান বন্দৰৰ পৰা পোনে পোনে মা কামাখ্যা ধামত উপস্থিত হৈ সেৱা জনায় প্ৰিয়ংকা গান্ধীয়ে।

author-image
Asomiya Pratidin
New Update
new ap web 4.jpg (3)

ডিজিটেল ডেস্কঃ দলীয় বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ অসম পালেহি প্ৰিয়ংকা গান্ধী। বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই উষ্ম আদৰণি জনায় কংগ্ৰেছ নেত্ৰীগৰাকীক। বিমান বন্দৰৰ পৰা পোনে পোনে মা কামাখ্যা ধামত উপস্থিত হৈ সেৱা জনায় প্ৰিয়ংকা গান্ধীয়ে।

635161956_1339985898164356_5080522285119517247_n

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ লগতে কংগ্ৰেছ নেতৃত্বই সংগ দিয়ে প্ৰদেশৰ কংগ্ৰেছৰ বহুকেইগৰাকী নেতাই। কামাখ্যা ধামৰ পৰা প্ৰিয়ংকা গান্ধী আহি উপস্থিত হ'ব ৰাজীৱ ভৱনত। তাতেই পৰ্যায়ক্ৰমে কংগ্ৰেছ নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব তেওঁ।

635143151_1339985984831014_966509038671354026_n

উল্লেখ কৰা প্ৰয়োজন যে,  বিমান বন্দৰৰ পৰা ওলোৱাৰ পাছতেই ৰাস্তাৰ দুয়োকাষে অগণন শুভাকাংক্ষী আৰু দলীয় কৰ্মীয়ে আদৰণি জনায় প্ৰিয়ংকা গান্ধীক। 

638634218_1339985964831016_4558476558763181693_n

প্ৰিয়ংকা গান্ধী