/asomiyapratidin/media/media_files/2026/01/26/ujdjjdd-2026-01-26-23-16-16.jpg)
ডিজিটেল ডেস্কঃ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত ৪৯ সংখ্যক আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলাত ২৭জানুৱাৰীত আয়োজন কৰা হ’ব সুধাকণ্ঠ ড° ভূপেন হাজৰিকালৈ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ এক বিবৃতিত এই বিষয়ে সদৰী কৰি প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে অসমত অনুষ্ঠিত হৈ যোৱা প্ৰতিখন ‘অসম গ্ৰন্থমেলাত’ জন্ম শতবাৰ্ষিকী উপলক্ষে ড° ভূপেন হাজৰিকাৰ সৃষ্টি-দৰ্শনৰ ভিন্ন দিশ সামৰি আলোচনা সত্ৰৰ আয়োজন কৰা হৈছিল ৷
বিশ্ববৰেণ্য অসমীয়া শিল্পীগৰাকীলৈ জন্ম শতবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি হিচাপে এই অনুষ্ঠানসমূহ আয়োজন কৰা হৈছিল ৷ ইয়াৰে অংশৰূপে কলকাতাত অনুষ্ঠিত হৈ থকা আন্তৰ্জাতিক গ্ৰন্থমেলাতো ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ এটি অনুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ৷ কলকাতা গ্ৰন্থমেলাৰ প্ৰাংগণত থকা এছ বি আই প্ৰেক্ষাগৃহত আয়োজিত হ’বলগীয়া এই অনুষ্ঠানত অসম তথা পশ্চিমবংগৰ কেবাগৰাকী বিশিষ্ট শিল্পী-সাহিত্যিকে অংশগ্ৰহণ কৰিব ৷
ইয়াত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা অভিধান প্ৰণেতা সুমন্ত চলিহাই বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব ৷ অনুষ্ঠানটিত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব কলকাতা পাব্লিচাৰ্ছ এণ্ড বুক চেলাৰ্চ গিল্ডৰ সম্পাদক তথা ৪৯ সংখ্যক আন্তৰ্জাতিক কলকাতা গ্ৰন্থমেলাৰো সচিব ত্ৰিদিপ চেটাৰ্জী, সাহিত্য অকাডেমী সন্মান প্ৰাপক ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷
অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে অংশ লৈ সুধাকণ্ঠৰ সংগীত পৰিৱেশন কৰিব অধ্যাপক তথা বিশিষ্ট সংগীত শিল্পী শুভ প্ৰসাদ নন্দী মজুমদাৰ, বিশিষ্ট সংগীত শিল্পী পৰ্ণাভ বেনাৰ্জীয়ে ৷ ড° ভূপেন হাজৰিকাৰ নাতি, শিল্পী তৃণ শৰ্মা, অশোক ভদ্ৰ, প্ৰিয় চেটাৰ্জী, তাপস দেৱনাথ, কাশ্মীৰী কটকী মল্লিকেও অনুষ্ঠানটিত সংগীত পৰিৱেশন কৰিব ৷ তদুপৰি কলকাতা নিবাসী অসমৰ আন কেবাগৰাকী শিল্পীয়ে সংগীত আৰু নৃত্যনুষ্ঠানেৰে ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us