/asomiyapratidin/media/media_files/2026/02/10/grgfefesdsxd-2026-02-10-16-12-22.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ উদ্যোগত আৰু আঞ্চলিক পৰীক্ষাগাৰ কাৰ্যালয়ৰ সহযোগত জৈৱ চিকিৎসা আৱৰ্জনা পৰিচালনা ব্যৱস্থাপনা আৰু নিষ্কাশন ব্যৱস্থা সন্দৰ্ভত এক কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে। মঙলবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই কৰ্মশালা আৰু প্ৰশিক্ষণ শিবিৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/10/capturecsd-2026-02-10-16-12-35.jpg)
এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰ, পৰিৱেশ বিজ্ঞানী ড৹ গৌতম কৃষ্ণ মিশ্ৰ আদিকে ধৰি কেইবাগৰাকীও অভিজ্ঞ ব্যক্তি তথা ব'ৰ্ডৰ বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানৰ উপৰিও অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নগাঁও আঞ্চলিক কাৰ্যালয়ত এটা বায়ু পৰীক্ষাগাৰো উদ্ধোধন কৰা হয়। পৰীক্ষাগাৰটো ফিটা কাটি উদ্বোধন কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us