কংগ্ৰেছৰ পৰা সদ্য পদত্যাগী ৰেজাউল কৰিম সৰকাৰে কি ক’লে সংবাদমেলত

কংগ্ৰেছ দলৰ পৰা সদ্য পদত্যাগী ৰেজাউল কৰিম সৰকাৰে বুধবাৰে মঙলদৈত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত পদত্যাগৰ কাৰণ দৰ্শালে ৰেজাউল কৰিম সৰকাৰে।

author-image
Asomiya Pratidin
New Update
new ap web 2 (38)

ডিজিটেল সংবাদ, মঙলদৈঃ কংগ্ৰেছ দলৰ পৰা সদ্য পদত্যাগী ৰেজাউল কৰিম সৰকাৰে বুধবাৰে মঙলদৈত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত পদত্যাগৰ কাৰণ দৰ্শালে ৰেজাউল কৰিম সৰকাৰে। আত্মসন্মানক আঘাত কৰা আৰু নিজে কৰি অহা সংগঠনটোক তুচ্ছ-তাচ্ছিল্য কৰাৰ বাবে পদত্যাগৰ সিদ্ধান্ত লৈছো বুলি ৰেজাউল কৰিমে সংবাদমেলত প্ৰকাশ কৰে। কৰিমে কয়- ‘কংগ্ৰেছত ৰেজাউল নিজে যোৱা নাছিল। তেওঁক আমন্ত্ৰণ জনাই লৈ যোৱা হৈছিল।’

সংবাদমেলত ৰেজাউল কৰিমে লগতে কয়- ‘দেৱব্ৰত শইকীয়া এজন পত্ৰ লিখা বিধায়ক। পত্ৰ লিখে আৰু দলত বিভাজন সৃষ্টি কৰে। দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ দৰে বক্তব্য ৰাখে ,দুয়োৰে মুখৰ কথা একে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সচাই কংগ্ৰেছ দলত এজেন্ট আছে। সেয়ে মাফ খোজাৰ পিছতো সমালোচনা কৰি থাকিলে।’ ইফালে, ৰেজাউল কৰিম সৰকাৰ যদি বিজেপিৰ এজেন্ট তেনেহ’লে যোগদান কৰিবলৈ দেৱব্ৰত শইকীয়াই কিয় বাধা দিয়া নাছিল বুলিও ওলোটাই প্ৰশ্ন কৰে ৰেজাউল কৰিমে।

ৰেজাউল কৰিম সৰকাৰে সংবাদমেলত লগতে কয়- ‘মই মেৰুদণ্ড পোন কৰি ৰখা জাতিৰ পৰা আহিছোঁ। মোৰ আত্মসন্মানত আঘাত হানিলে মই কৰি অহা সংগঠনক কোনোবাই আঘাট হানিলে কেতিয়াও মানি নলওঁ।’

আনহাতে, নজিৰা সমষ্টিৰ বাবে কৰা ৫টা অৱদান দেৱব্ৰত শইকীয়াক দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনোৱাৰ লগতে ৰেজাউল কৰিমেদেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনা কৰে। নিজকে ৰাজনৈতিক ষড়যন্ত্ৰ বলি হোৱা বুলিও কয় ৰেজাউল কৰিম সৰকাৰে।

অনাগত দিনত ৰাজনৈতিক জীৱন কি হ’ব এতিয়াও ভবা নাই যদিও ৰেজাউল কৰিম সৰকাৰৰ ভৱিষ্যত পৰিকল্পনা আমছুই কৰিব বুলি কলে সংবাদমেলত।

অসম