/asomiyapratidin/media/media_files/2025/10/21/ssssssssssss-2025-10-21-10-04-34.jpg)
ডিজিটেল ডেস্কঃ আজি ছিংগাপুৰ আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব অসম আৰক্ষীৰ দুজনীয়া তদন্তকাৰী দলটো। এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যোৱা দলটোত আছে আৰক্ষী বিষয়া অৰুণ গোৱেল। আজি দ্বিতীয় দিনটোত জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীয়ে অব্যাহত ৰখা তদন্তৰ বুজ ল'ব অসম আৰক্ষীৰ দলটোৱে।
ইফালে জুবিন গাৰ্গ থকা হোটেলখনৰ তথ্য আহৰণৰ সম্ভৱনাও আছে আজি। আনফালে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোত ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষীয়ে কেনেদৰে তদন্ত চলাব তাৰ সন্দৰ্ভতো আলোচনা কৰিব। প্ৰৱাসী অসমীয়া ৱাজেদ আহমেদৰ ভাষ্যও গ্ৰহণ কৰিব আজি এছ আই টিৰ এই দলটোৱে।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টত উপস্থিত থকা প্ৰৱাসী অসমীয়াৰ ভিতৰত সকলোবোৰে অসমলৈ আহি ভাষ্য প্ৰদান কৰিছিল যদিও আহমেদ অহা নাছিল অসমলৈ।