/asomiyapratidin/media/media_files/2025/10/05/new-ap-web-2-2-2025-10-05-12-12-44.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। ঘটনাৰ তদন্তৰ বাবে এজনৰ পাছত এজনকৈ ঘটনাৰ সৈতে সম্পৰ্কিত ব্যক্তিক চি আই ডিয়ে তলব কৰিছে।
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ উপৰিও চি আই ডিয়ে চাৰি দিন ধৰি সোধ-পোছ কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে জুবিনৰ ঘটনাৰ সময়ত সাগৰত থকা তেওঁৰ সতীৰ্থ শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক। সেই সময়ত জুবিনৰ সৈতে সাগৰত থকা তেওঁৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গকো চি আই ডিয়ে সোধ-পোছ অব্যাহত ৰাখিছে যদিও তেওঁক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই।
অৱশ্যে তেওঁক চি আই ডিয়ে সোধ-পোছ অব্যাহত ৰাখিছে। একেদৰে ছিংগাপুৰত সেই সময়ত উপস্থিত থকা প্ৰাগ নিউজৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণ, জ্যেষ্ঠ সাংবাদিক, সম্পাদক প্ৰণয় বৰদলৈ, অভিনেত্ৰী নিশিতা গোস্বামী ২০ ছেপ্তেম্বৰৰ পুৱা ছিংগাপুৰত উপস্থিত হোৱা DY365 ৰ দিল্লীস্থিত সাংবাদিক স্বৰস্বত গোস্বামী আদিকো চি আই ডিয়ে সোধপোছ কৰিছে।
একেদৰে জুবিনৰ পত্নী, ভগ্নী আদিৰে ভাষ্য সংগ্ৰহ কৰিছে তদন্তাকাৰী গোটে। জুবিনৰ মৃত্যুৰ পাছতে শিল্পীসকলে উলিওৱা প্ৰতিবাদৰ সময়ত আৰু পৰৱৰ্তী সময়ত নিজা ছ'চিয়েল মিডিয়া হেণ্ডলৰ জৰিয়তে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুৰ সন্দৰ্ভত বহু মুকলি অভিযোগ উত্থাপন কৰা গায়িকা ছুইটী দাসৰো ভাষ্য সংগ্ৰহ কৰিলে চি আই ডিয়ে।
আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছেগৈ জুবিনৰ আন এগৰাকী সহযোগী গায়িকা মেঘনা বৰপূজাৰী। গায়িকাগৰাকীয়ে জুবিনৰ সৈতে ৩ বছৰ ধৰি মঞ্চত গীত পৰিবেশন কৰিছিল। একেদৰে চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হৈছে অভিনেত্ৰী বৈশালী মেধীও।
লক্ষ্যণীয় বিষয় যে, শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই চি আই ডিৰ কাৰ্যালয়লৈ ঘনে ঘনে অহা যোৱা কৰি আছে যদিও তেওঁক এতিয়ালৈকে সোধ-পোছ কৰা নাই। একেদৰে সোধ-পোছ কৰা নাই টাৰ্চেম মিট্টাল নামৰ জুবিনৰ পূৰ্বৰ মেনেজাৰগৰাকীকো।
মন কৰিবলগীয়া যে অনিতা ডেকা মহন্তও শ্যামকানু মহন্তৰ ট্ৰেণ্ড এম এম এছ নামৰ সংস্থাৰ অন্যতম সঞ্চালক। ঘটনাৰ সময়ত তেৱোঁ উপস্থিত আছিল ছিংগাপুৰত।
ইফালে ছিংগাপুৰ অসম এছ'চিয়েছনৰ সদস্যসকলক চি আই ডিয়ে ৬ অক্টোবৰৰ ভিতৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল যদিও এতিয়ালৈকে কোনো এজন সদস্য আহি উপস্থিত হোৱা নাই। বৰঞ্চ তেওঁলোকক অসমলৈ অনাৰ ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসহায়তা প্ৰকাশ কৰিছে।
তেওঁ শনিবাৰে মন্তব্য কৰিছে যে, ছিংগাপুৰৰ অসম এছ'চিয়েছনৰ সদস্যসকলক অসমলৈ অনাৰ ক্ষেত্ৰত অসমৰ ৰাইজক হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু তেওঁলোক যে সহজতে নাহে সেই কথাও স্পষ্ট হৈছে।