/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5adefda6-f10f-4cf4-9098-5c022c491727/pfi.jpg)
PFI arrested
ডিজিটেল সংবাদ,নগাঁওঃ পপুলাৰ ফ্ৰন্ট অব ইণ্ডিয়া চমুকৈ পি এফ আইৰ সভাপতিক গ্ৰেপ্তাৰ ৷ নগাঁও জিলাত পি এফ আইৰ স্বয়ম্ভূ সভাপতিৰ দায়িত্ব আছিল গ্ৰেপ্তাৰ হোৱা মৌলানা ৰহমত উল্লাহ কাছিমী ৷
চামগুৰিৰ কাৱৈমাৰীৰ বাসগৃহৰ পৰা নগাঁও আৰক্ষীয়ে ৰহমত উল্লাহ কাছিমীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ অপৰাধ অনুসন্ধান শাখালৈ লৈ যায় ৷
পি এফ আই জিলা সভাপতি ৰহমত উল্লাহক গ্ৰেপ্তাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্থানীয় মাদ্ৰাছাত মুফটি হিচাপে কাম কৰাৰ লগতে ব্যৱসায়ৰে জড়িত আছিল গ্ৰেপ্তাৰ হোৱা ৰহমত ৷
পূৰ্বেও ৰহমত উল্লাহক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমৰ পোষ্ট শ্বেয়াৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পি এফ আই নেতা জনক ৷