/asomiyapratidin/media/media_files/2025/08/28/bhogeswar-baruah-2025-08-28-21-04-49.jpeg)
ডিজিটেল ডেস্কঃ আজি গুৱাহাটীত অসম অলিম্পিক সন্থাৰ উদ্যোগত ‘ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা’ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই অনুষ্ঠানত অসমৰ ৰাজ্যৰ মন্ত্ৰী নন্দিতা গৰ্লোছা, আন্তঃৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত বক্সাৰ অংকুশিতা বড়ো আৰু অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰথমগৰাকী ‘অৰ্জুন’ ভোগেশ্বৰ বৰুৱাৰ নামেৰে এই বঁটা নামকৰণ কৰা হৈছে ১৯৯৬ চনৰ বেংকক এছিয়ান গেমছৰ সোণৰ পদকপ্ৰাপ্ত এথলিট গৰাকীৰ সন্মানত এই বঁটা এতিয়াৰে পৰা প্ৰতি বছৰে প্ৰদান কৰা হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/bhogeswar-baruah-2025-08-28-21-03-31.jpeg)
ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ লক্ষ্য হৈছে ক্ৰীড়া জগতখনৰ শ্ৰেষ্ঠত্বক স্বীকৃতি প্ৰদান কৰা আৰু নতুন প্ৰজন্মৰ ক্ৰীড়াবিদসকলক প্ৰেৰণা যোগোৱা। প্ৰথম বৰ্ষৰ বাবে এই বঁটা প্ৰদানৰ অনুষ্ঠানৰ দিন নিৰ্ধাৰণ কৰা হৈছে অহা ৩ ছেপ্টেম্বৰৰ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনটো।
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত বহু কেইগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদে অংশগ্ৰহণৰ কৰিব বুলি অসম অলিম্পিক সন্থা তথা ৰাজ্যৰ ক্ৰীড়া বিভাগে নিশ্চিত কৰিছে। সেই সকলৰ ভিতৰত পি টি উষা অন্যতম। অসম অলিম্পিক সন্থাই ঘোষণা কৰিছে যে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ স্মৃতিত সৰুসজাই ষ্টেডিয়ামৰ নাম সলনি কৰি তেওঁৰ নামেৰে নামাংকিত কৰা হ’ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/bhogeswar-baruah-2025-08-28-21-03-45.jpeg)
উল্লেখ্য যে, ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা মুঠ ছটা শাখাত ক্ৰীড়াবিদসকলক প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰধান তিনিটা শাখা হৈছে বৰ্ষ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনজোৰা সাধনাৰ বঁটা আৰু উদীয়মান ক্ৰীড়া বিদৰ বঁটা।
ক্ৰীড়া মন্ত্ৰী নন্দিতা গৰ্লোছাই এই অনুষ্ঠানৰ সন্দৰ্ভত কয়, “অসমৰ ক্ৰীড়া প্ৰশাসন আৰু উন্নয়নৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ এক পদক্ষেপ ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা। প্ৰতিভাক স্বীকৃতি দি আৰু আমাৰ কিংবদন্তীসকলক সন্মান জনোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছো। এই পদক্ষেপে পৰৱৰ্তী প্ৰজন্মকো প্ৰেৰণা দিব।”
অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি, “ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰা বিষয়টো এতিয়াও আশা আৰু প্ৰেৰণাৰ প্ৰতীক। এই বঁটাই তেওঁৰ অৱদানক জীৱন্ত ৰাখিব আৰু আমাৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিব।”
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us