/asomiyapratidin/media/media_files/2024/12/07/Qlef4Vt4Tz6zHvsXO6zq.jpg)
ডিজিটেল সংবাদ,গোলাঘাটঃ চুইজাৰলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দুই পৰ্যটকে গোলাঘাট জিলাৰ হাতী-মানুহৰ সংঘাত হোৱা অঞ্চল পৰিদৰ্শন কৰি অধ্যয়ন কৰে পৰিস্থিতি। মৰঙি মৌজাৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে দীৰ্ঘদিনৰ পৰা উপদ্ৰৱ কৰি আহিছে। এই অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে ইয়াৰ সমাধান কেনেকৈ সম্ভৱ সেই সম্পৰ্কতো অধ্যয়ন কৰে বিদেশী পৰ্যটকে।
হাতী-মানুহৰ সংঘাত সম্পৰ্কে অধ্যয়ন কৰাৰ উপৰিও দুই পৰ্যটকে পৰিভ্ৰমণ কৰে খুমটাই যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ। যোগীবাৰী বিলত হেজাৰ হেজাৰ পৰিভ্ৰমী চৰাই দেখি আপ্লুত হয় বিদেশী পৰ্যটক। দুই বিদেশী পৰ্যটকে খুমটাই বিধান সভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহলৈও গৈ হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ সম্পৰ্কত আলোচনা কৰে।
ইফালে গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল কনক্লেভ। এই আলোচনা চক্ৰত বিশেষকৈ হাতী-মানুহৰ সংঘাত আৰু মহাপুৰুষ শংকৰদেৱৰ ওপৰত আলোচনা অব্যাহত আছে।
কেইবাগৰাকীও বিদেশী পৰ্যটকে অংশ লৈছে এই আলোচনা চক্ৰত। বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তই এই আলোচনা চক্ৰত অংশ লৈ হাতী- মানুহৰ সংঘাত দূৰীকৰণৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়াই এনেদৰে। ইফালে মানুহৰ সভ্যতা বৰ্তি থাকিবলৈ জৈৱ- বৈচিত্ৰ্যতাক ৰক্ষা কৰাটো অতিকে প্ৰয়োজনীয় ।
জৈৱ বৈচিত্ৰ্যৰ বাবে হাতীৰ যিদৰে প্ৰয়োজন, পোক-পতংগ আৰু কেঁচোৰো প্ৰয়োজন। আমি ইটো-সিটোৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল। এই মন্তব্য হাতী বিষয়ক গৱেষণাতে জীৱনৰ গৰিষ্ঠ সংখ্যক সময় অতিবাহিত কৰা, বিশিষ্ট চিত্ৰনিৰ্মাতা জাৰ্মান-ছুইচ্ছ প্ৰকৃতি কৰ্মী ব্ৰিজিট উত্তৰ কৰ্নেটঝকিৰ।
অন্য গৰাকী বিদেশী পৰ্যটক দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট চিত্ৰ নিৰ্মাতা ডেনিয়েল বাৰ্নাৰ্ড মাইবাৰ্গে কয়- হাতী মানুহৰ সংঘাত আমি কোনো বন্ধ কোঠাত কৰা আলোচনাৰে শেষ কৰিব নোৱাৰি। আমি মানুহক প্ৰকৃতিৰ প্ৰতি সংবেদনশীল কৰি তুলিব পৰা শিক্ষা দিব পাৰিলেই হাতী- মানুহৰ সমস্যাৰ অন্ত পৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ জিলাই জিলাই বন্যহস্তীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাত নতুন কথা নহয়।
বহু সময়ত হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে আৰু মানুহৰ আক্ৰমণৰ বলি হ'ব লগীয়া হৈছে বন্যহস্তীও। বৰ্তমান পকা ধাননি পথাৰত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। হাতী-মানুহৰ এই সংঘাতক লৈ কিমান সচেতন আমাৰ জনসাধাৰণ? জনসাধাৰণক সচেতন কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ বা বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিছে। নিতৌ সংঘটিত হৈ অহা এই হাতী-মানুহৰ সংঘাতক লৈ চৰকাৰ বা বন বিভাগে গুৰুত্ব প্ৰদান কৰিব নে? বৰ্তমান সময়ত এইটো ডাঙৰ প্ৰশ্ন হৈ পৰিছে।