/asomiyapratidin/media/media_files/2025/11/24/309-2025-11-24-21-39-38.jpg)
ডিজিটেল সংবাদ, শিলচৰ : শান্তি সম্প্ৰীতি, সৌহাৰ্দ্য, সংস্কৃতি আৰু বন্ধুত্বৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে সোমবাৰে অসম আৰু মিজোৰামৰ মাজত বৰ্ণাঢ্য কাৰ্যসূচীৰে সীমান্ত উৎসৱৰ আয়োজন কৰা হয়। ধলাই সমজিলা প্ৰশাসনৰ উদ্যোগত
ধলাই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদ সংলগ্ন পি ডব্লিউ ডি ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় এই 'সীমান্ত উৎসৱ'।
শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য আৰু মিজোৰামৰ কলাছিব জিলাৰ উপায়ুক্ত ৰবাৰ্ট চি লালহমাংগাইহাই এই সীমান্ত উৎসৱৰ মুকলি কৰে। ইয়াৰ পিছত দুয়োখন ৰাজ্যৰ মাজত থকা মধুৰ সম্পৰ্ক আৰু দুয়োখন ৰাজ্যৰ সীমান্তবাসী লোকসকলৰ মাজত থকা ঐক্য আৰু বন্ধুত্বৰ সন্দৰ্ভত ব্যক্তব্য দাঙি ধৰে সাংসদ পৰিমল শুক্লবৈদ্য আৰু কলাছিবৰ উপায়ুক্ত ৰবাৰ্ট চি লালহমাংগাইহাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2-2025-11-24-21-40-04.jpeg)
২০২১ চনৰ জুলাই মাহত লাইলাপুৰত দুয়োখন ৰাজ্যৰ আৰক্ষীৰ মাজত হোৱা গুলিয়াগুলি ঘটনাৰ পুনৰাবৃত্তি নহ'ব বুলি উভয়পক্ষই মত পোষণ কৰে। ৰাষ্ট্ৰৰ স্বাৰ্থত শান্তি শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত দূয়োখন ৰাজ্যই একেলগে কাম কৰিব বুলি মন্তব্য কৰে ককলাছিবৰ উপায়ুক্ত ৰবাৰ্ট চি লালহমাংগাইহাই।
দুয়ো ৰাজ্যৰ মাজত সমন্বয় ইয়াৰ ক্ষেত্ৰত সীমান্ত উৎসৱ অনুষ্ঠিত কৰা বাবে তেওঁ কাছাৰ জিলা প্ৰশাসনক ধন্যবাদ জনায়। দুয়োখন ৰাজ্যৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰখাত গুৰুত্ব আৰোপ কৰে উভয় ৰাজ্যৰ প্ৰতিনিধিসকলে।
ইয়াৰ পিচত আয়োজিত কৰা হয় আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত দুয়োখন ৰাজ্যৰ বিভিন্ন শিল্পীয়ে বিহুনৃত্যসহ তেওঁলোকৰ পৰাম্পৰতগত অনান্য বিভিন্ন নৃত্য পৰিবেশন কৰি উপস্থিতসকলক আনন্দ দিয়ে। লগতে সাংস্কৃতিক সমন্বয় বিনিময় কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/24/whatsapp-ima-2025-11-24-21-40-15.jpeg)
কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আত্মসহায়ক গোট সমুহৰ কেইবাখনো খাদ্য সম্ভাৰ আৰু অনান্য উৎপাদিত সামগ্ৰীৰ বিপনী খোলা হয়। অনুষ্ঠানত মিজোৰাম চৰকাৰৰ ফালৰ পৰা কলাছিব জিলাৰ উপায়ুক্ত ৰবাৰ্ট চি লালহমাংগাইহা, আৰক্ষী অধীক্ষক লালৰিন পুইয়া ভাৰ্টে সহ কলাছিব আৰু মামিট জিলাৰ বিভিন্ন বিভাগ আৰু প্ৰশাসনৰ বিষয়াৰ সকল উপস্থিত থাকে।
ইফালে, অসমৰ হৈ সাংসদ পৰিমল শুক্লবৈদ্যৰ উপৰিও ধলাইৰ বিধায়ক নিহাৰ ৰঞ্জন দাস,কাছাৰৰ জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ, ধলাই সম-জিলা আয়ুক্ত শ্ৰী ৰক্তিম বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পল সহ বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us