/asomiyapratidin/media/media_files/2025/12/31/hsduihsidasu8i-2025-12-31-12-47-24.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অসম মেঘালয় সীমান্তৱৰ্তী বিভিন্ন প্ৰান্তত একাংশ চোৰাং কাঠবেপাৰীয়ে ভাৰতীয়া লোকৰ দ্বাৰা বনাঞ্চলৰ মূল্যবান গছ-গছনি কাটি তহিলং কৰিছে। পিছে চোৰাং কাঠৰ বেপাৰীয়ে বনাঞ্চলৰ গছ গছনি কাটি তহিলং কৰি যোৱাৰ পিছতো খবৰ নাই বনবিভাগৰ। আনকি খবৰ নাই জে এফ এম চিৰো।
এই বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত সীমান্তৱৰ্তী চানডুবি, মুদুকী, বাখালাপাৰা, জিমিৰিগাঁও, কুন্দিল নগৰ, ৰাজাপাৰা আদি কেইবা ঠাইতো চোৰাং কাঠবেপাৰীৰ দ্বাৰা বনধ্বংস চলি আহিছে। এই ঠাইবোৰৰ পৰা চোৰাংকাঠৰ ব্যৱসায়ীয়ে গছ গছনি কাটি কুণ্ডা সমূহ চুবুৰীয়া মেঘালয়ৰ পাথাৰখামা, জিৰাং আদি ঠাইৰ দুৰ্গম অঞ্চলৰ কাঠৰ মিললৈ নি তাত ফালি পুনৰ অসমলৈ সৰবৰাহ কৰি আহিছে। অথচ এই অঞ্চলত লগতে মুদুকী,পশ্চিম ৰাজাপাৰা আদি খণ্ড বন কাৰ্যালয় আদি আছে যদিও তাত থকা একাংশ বিষয়া কৰ্মচাৰীয়েও এই ঘটনাবোৰ দেখিও নেদেখাৰ ভাও জুৰিছে।
এই ঘটনাবোৰক লৈ ঠায়ে ঠায়ে জৈৱ-বৈচিত্র্যৰ মোক্ষম আঘাত পৰাৰ উপৰি প্ৰকৃতিপ্ৰেমী ৰাইজৰ এই গছ গছনি কটাৰ সন্দৰ্ভতো সংঘাতৰো সৃষ্টি হৈ আহিছে। সঘনাই এই সীমান্তৱৰ্তী দুৰ্গম অঞ্চলৰপৰা চোৰাং কাঠৰ বেপাৰীয়ে নিয়া গছ-গছনি সমূহ মেঘালয়ৰ কাঠৰ মিলত ফালি ট্ৰাক, ডিআইভান আদিৰে পুনৰ অসমলৈ সৰবৰাহ হৈ আহিছে। এইক্ষেত্ৰত আৰক্ষী,বনবিভাগকে ধৰি দুই-এটি দল-সংগঠনৰ নেতাক মেনেজ কৰি বিশেষকৈ ৰাণী, বঙৰা, গোসাইহাট, কান্দুপুৰ, পাৰাকুছি, বৰিহাট, নালাপাৰা, বাটৰহাট, ৰঙামাটি, জয়পুৰ, গাৰোপাৰা, বিজয়নগৰ, হুদুমপুৰ, উমচুৰ, শুকুৰবেৰীয়া, পাগেলী বাগান, মাজকুছি, ভোলাগাঁও, গোৱালহাটী, কুমেৰীয়া, ঝাৰোবড়ী, ঔৰতল, গৰাবড়ী, সৰপৰা, মুছলিম সৰপাৰা আদি ঠাইৰে গভীৰ নিশা মিৰ্জা, পলাশবাৰী,বটীয়াপাৰা আদি ঠাইলৈ সৰবৰাহ কৰি আহিছে।
তদুপৰি এই কাঠবোৰ মাজে সময়ে দখলা, চিমিনা, ফুটুৰি আদি ঠাইৰে নিশা আৰু পুৱতি নিশা যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিভিন্ন কাঠৰ দোকানলৈ সৰবৰাহ কৰি আহিছে। মাজে সময়ে মেঘালয়ত থকা কাঠৰ মিলৰ পৰা নম্বৰবিহীন তথা নথি পত্ৰ বিহীন বাহনত এই কাঠসমূহ কঢ়িয়াই আনে। যাৰবাবে এই কাঠৰ বাহনসমূহ দুৰ্ঘটনাত পতিত হলেও এই কাঠ তথা বাহনৰ প্ৰকৃত গৰাকীৰ সন্ধান উলিয়াবলৈ আৰক্ষী তথা বন বিভাগ ব্যৰ্থ হৈ পৰে।
মুঠতে কামৰূপ জিলাৰ লোহাৰঘাটৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলটোত এইদৰে বন ধ্বংস চলি থকাত অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। ফলত এই অঞ্চলবোৰৰ ঠায়ে ঠায়ে বৰ্তমান হাতী মানুহৰো সংঘাত বাঢ়িছে। অঞ্চলটোৰ সচেতন ৰাইজ তথা একাংশ সৰু-সুৰা কাঠ বেপাৰীয়ে অভিযোগ দিয়া অনুসৰি এই চোৰাংকাঠৰ দৌৰাত্ম্যৰ বাবে আৰক্ষী প্ৰশাসন তথা বন বিভাগৰ একাংশ কৰ্মচাৰীক মাহিলী হাৰত ধন দিবলগীয়া হয়।
ৰাইজে অভিযোগ উত্থাপন কৰিছে যে, এই অঞ্চলবোৰত বৰ্তমান ৰক্ষকেই ভক্ষক হৈ পৰিছে। শেহতীয়াভাৱে এই চোৰাং কাঠভৰ্তি ট্ৰাকখন জব্দ কৰে লোহাৰঘাটৰ বনবিভাগৰ এটি টহলদাৰী বনকৰ্মীৰ দলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us