লাম্পী
লাম্পী

দুই ৰাজ্যৰ মধ্যস্থতাত চিৰসেউজ লাম্পীৰ জলপ্ৰপাত নীলগংগালৈ পথ নিৰ্মাণৰ সিদ্ধান্ত...

ডিজিটেল সংবাদ ছমৰীয়া: সীমা বিবাদক কেন্দ্ৰ কৰি অসম মেঘালয় সীমান্তবৰ্তী চিৰসেউজ লাম্পীত চেপা উত্তেজনাই বিৰাজ কৰি থকা পৰিলক্ষিত হয়। চুবুৰীয়া ৰাজ্য মেঘালয়ে অসমৰ ভূমি আগ্ৰাসন চলাই থকাৰ সমান্তৰাল ভাৱে চিৰসেউজ লাম্পীৰ ভূমি আগ্ৰাসন চলাই অসমীয়াৰ নিদ্ৰা হৰন কৰি আহিছে।

সীমান্তৰ পৰা প্ৰায় ১০ কিলোমিটাৰ অসমৰ ভূমিত মেঘালয়ে প্ৰৱেশ কৰি বিভিন্ন চৰকাৰী আচনি ৰূপায়ন কৰি ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাই আহিছে। ইয়াৰ মাজতে আজি ৰাজ্য চৰকাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চৰকাৰী বিষয়াৰ সৈতে বহি এক সিদ্ধান্ত গ্ৰহন কৰে।

অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমৰ চিৰসেউজ লাম্পীত বনজ সম্পদ আৰু জলপ্ৰপাতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নিদ্ৰা হৰন কৰি আহিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ আৰক্ষী প্ৰশাসন আৰক্ষী মেঘালয়ৰ প্ৰশাসনৰ মধ্যস্থতাত চিৰসেউজ লাম্পীত এখন ৰাজহুৱা সভা অনুস্থিত হয়।

ৰাজহুৱা সভাখনত অসম আৰু মেঘালয়ৰ জনসাধাৰনৰ লগতে দুয়োখন ৰাজ্যৰ খণ্ড উন্নয়ন বিষয়া উপস্থিত থাকে। চিৰসেউজ লাম্পীৰ ড্ৰোনপাৰাত অৱস্থিত নীলগংগা নামৰ জলপ্ৰপাতলৈ যোৱা পথ নিৰ্মানৰ বাবে আলোচনা কৰে।

উল্লেখযোগ্য যে,পথচোৱাৰ কাম কিছুদিন পূৰ্বে আৰম্ভ কৰা হৈছিল যদিও অসম বিদ্বেষী সকলে এই কাৰ্যত বাধা আৰোপ কৰিছিল যাৰ ফলত পথচোৱা নিৰ্মাণৰ কাম আধাতে বন্ধ হৈ পৰিছিল।দুয়োখন ৰাজৰ আৰক্ষী প্ৰশাসন আৰু চৰকাৰী বিষয়াৰ মধ্যস্থতাত চলিত বৰ্ষৰ অহা ৭ নৱেম্বৰৰ পৰা পুনৰ পথচোৱা নিৰ্মানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সিদ্ধান্তই অনাগত দিনত দুয়োখন ৰাজ্যৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী সচেতন মহল।উক্ত অনুষ্ঠানত উপস্থিত থাকে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিবাশ বৰদলৈ,বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনীন্দ্ৰ নাথ,অসম আৰক্ষীৰ সীমান্ত উপ-আৰক্ষী অধীক্ষক হামিদুৰ ৰহমান,মেঘালয়ৰ মৌচিনৰূত ৰ মহকুমা আৰক্ষী বিষয়া দেবেন মৌলিন,মেঘালয়ৰ মৌচিনৰূতৰ খণ্ড উন্নয়ন বিষয়া আৰ খাৰকংগৰৰ লগতে বহুেইজন প্ৰশাসনিক বিষয়া উপস্থিত থাকে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in