আজি শ্বহীদ দিৱস

ছবৰীয়া অসম আন্দোলনৰ ইতিহাসৰ প্ৰথমৰ গৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ।তেওঁৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটোতে শ্বহীদ দিৱস পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-10 at 8.15.57 AM

ডিজিটেল ডেস্কঃ ১৯৭৯ চনৰ ১০ ডিচেম্বৰ, এই দিনটোতেই জাতি ৰক্ষাৰ বাবে আত্মবলিদান দিছিল বৰপেটৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে ।ছবৰীয়া অসম আন্দোলনৰ ইতিহাসৰ প্ৰথমৰ গৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ।
তেওঁৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটোতে শ্বহীদ দিৱস পালন কৰা হয়।

new bikhekh protibedon 1 (10)

উল্লেখ্য যে, এই দিনটোতেই অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৰাজ্যখনত চলিছিল বিদেশী খেদা আন্দোলন। শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন লোক ওলাই আহিছিল অসম আন্দোলনত। ৮৫৫জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা স্বাক্ষৰিত হৈছিল অসম চুক্তি। 

image (15)

প্ৰণিধানযোগ্য যে, তাৰ পাছতেই ৰাজ্যত বিয়পি পৰে অবৈধ বিদেশী বহিষ্কাৰৰ দাবীৰ জুই । সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ় লৈ উঠা এই আন্দোলনত হেজাৰ হেজ‍াৰ অসমীয়াই যোগদান কৰি শক্তিশালী কৰি তুলিছিল আন্দোলনটোক । আৰক্ষী-সেনাৰ অত্যাচাৰৰ ফলত ৮৫৫ গৰাকীয়ে মৃত্যুক সাৱটি লোৱাৰ ওপৰিও চিৰদিনৰ বাবে কোঙা হৈ পৰিছিল বহু কেইগৰাকী লোক । তাৰ পাছতো থমকি ৰোৱা নাছিল আন্দোলনৰ তীব্ৰতা ।ক্ৰমান্বয়ে বৃদ্ধি হৈ অথা দাবীৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰে সেও মানি ৰাজ্য চৰকাৰৰ উদ্যোগত সাক্ষৰ কৰিছিল ঐতিহাসিক অসম চুক্তিত ।

image (13)

এই আন্দোলনৰ ফলস্বৰূপেই অসমত জন্ম লাভ কৰিছিল আঞ্চলিক দল অসম গণ পৰিষদে । যি দুটাকৈ কাৰ্যকালৰ বাবে অসমৰ শাসনভাৰ তুলি লৈছিল নিজৰ হাতত । আন্দোলনৰ সময়ছোৱাৰ পৰাই ৮৫৫ গৰাকী শ্বহীদৰ সৰ্বোচ্চ অৰ্পনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি পালন কৰি অহা হৈছে শ্বহীদ দিৱস ।

অসম